কোকৰাঝাৰ, 13 এপ্ৰিলঃ ছচিয়েল মিডিয়াত আপত্তিজনক পোষ্ট তথা আপত্তিজনক পোষ্ট শ্বেয়াৰ কৰা বাবে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত নুৰ হুছেইন (৩৭)নামৰ এগৰাকী যুৱকক আৰক্ষীয়ে আটক কৰে ।
ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ এজন - হিন্দু জাগৰণ মঞ্চ
কোকৰাঝাৰ আৰক্ষীয়ে ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে এজন যুৱকক ৷
হিন্দু জাগৰণ মঞ্চ নামৰ সংগঠনটোৱে দিয়া এজাহাৰৰ ভিত্তিত ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় সাহাই নুৰ হুছেইনক ঘৰৰ পৰাই আটক কৰে । ঘটনা সন্দৰ্ভত ফকিৰাগ্ৰাম থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 120(B) /153/153(A) /295(A)ধাৰাত এক গোচৰ (নং ৪৯/২০২০) ৰুজু কৰি অভিযুক্তক জেললৈ প্ৰেৰণ কৰা হৈছে ।
উল্লেখ্য যে, অভিযুক্ত নুৰ হুছেইনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ উপৰিও বিজেপি তথা হিন্দুত্ববাদৰ বিৰুদ্ধে তীব্ৰ বিষোদ্গাৰ কৰি আহিছিল । পেছাত ক্ষুদ্ৰ ব্যৱসায়ী নুৰ হুছেইনে পাকিস্তান, সন্ত্ৰাসবাদ আৰু বাংলাদেশৰ সপক্ষে পোষ্ট শ্বেয়াৰ কৰি আহিছিল । ধৃত যুৱকজন ধুবুৰী জিলাৰ সাপটগ্ৰামৰ বামুনখুৰাৰ বুলি জানিব পৰা গৈছে ৷