অসম

assam

চিচিটিভি কেমেৰাত বন্দী চুৰিকাণ্ড, লকডাউনৰ মাজতে চোৰৰ চাফাই অভিযান

By

Published : Jun 29, 2020, 5:32 PM IST

চিৰাং জিলাৰ বিজনীৰ এমআই বাৰ্মুদা নামৰ এখন দোকানত সংঘটিত হয় চুৰিকাণ্ড ৷ চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী চিচিটিভি কেমেৰাত ৷

চিৰাং, 29 জুন :চিৰাং জিলাৰ বিজনী বাৰ্মুদা মোবাইল চেন্টাৰত 27 তাৰিখৰ নিশা সংঘটিত হয় এক চুৰিকাণ্ড । 27 তাৰিখে নিশা 1:52 বজাত বিজনী বজাৰৰ মাজমজিয়াত থকা মোবাইল চেন্টাৰ(এম আই ষ্টোৰ)ত সংঘটিত হয় এই চুৰিকাণ্ড ৷

চিচিটিভি কেমেৰাত বন্দী হোৱা চুৰিকাণ্ডৰ দৃশ্য

চোৰে দোকানখনৰ ওপৰৰ টিনপাট কাটি দোকানখনৰ চিলিঙ ভাঙি ভিতৰত প্ৰৱেশ কৰে ৷ ঘটনাক্ৰমে চুৰিকাণ্ডৰ সকলো দৃশ্য বন্দী হয় দোকানখনত সংযোজিত হৈ থকা চিচিটিভি কেমেৰাত । চিচিটিভি কেমেৰাৰ ভিজুৱেল অনুসৰি নিশা দোকানৰ ভিতৰত প্ৰৱেশ কৰি সকলো দামী মোবাইল ফোন, মোবাইলৰ চাৰ্জাৰ, পাৱাৰ বেঙ্ক আদি চোৰে লুট কৰি লৈ যায় ।

চুৰিকাণ্ডৰ পিচৰ দৃশ্য

দোকান স্বত্বাধিকাৰী বেদান্ত দাসে জনোৱা মৰ্মে দোকানৰ ষ্টক অনুসৰি 121 টা বিভিন্ন কোম্পানীৰ দামী ফোন আছিলে আৰু তাৰে মাজত চোৰে 4 টা মোবাইল ফোন এৰি থৈ যায় আৰু মোবাইল ফোনৰ অন্যান্য লাগতিয়াল সামগ্ৰী সমূহো লুট কৰি লৈ যায় । সৰ্বমুঠ প্ৰায় 16 লাখ টকাৰ মোবাইল ফোন আৰু মোবাইল ফোনৰ সামগ্ৰী চুৰি হয় প্ৰতিষ্ঠানখনৰ পৰা ৷

লকডাউনৰ মাজতে চোৰৰ চাফাই অভিযান

উল্লেখ্য যে, বিগত 27 তাৰিখে সন্ধিয়া 7 বজাৰ পৰা লকডাউন ঘোষনা কৰাৰ পিছত নিশা ধাৰাষাৰ বৰষুন হৈছিল বিজনী নগৰত ৷ চোৰে বৰষুনৰ সুযোগ লৈয়ে এই চুৰিকাণ্ড সংঘটিত কৰিবলৈ সক্ষম হয় । অৱশেষত 29 তাৰিখে ৰাতিপূৱা দোকানৰ কৰ্মচাৰীয়ে দোকান খোলাৰ পিচত চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা পোহৰলৈ আহে । ঘটনা সম্পৰ্কে বিজনী আৰক্ষীক খবৰ দিয়া দোকানখনত আৰক্ষী উপস্থিত হৈ চিচিটিভি ফুটেজৰ ভিত্তিত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃপাকিস্তান ষ্টক এক্সচেঞ্জত সন্ত্ৰাসবাদীৰ আক্ৰমণ, 9 নিহত

ABOUT THE AUTHOR

...view details