নিউজ ডেস্ক, 26 ডিচেম্বৰ :ঝাৰখণ্ডৰ ৰেৱা জিলাৰ এগৰাকী 4 বছৰীয়া শিশুৰ পৰিয়ালে পঞ্চায়ত সদস্যৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, ৰেৱা পঞ্চায়তৰ প্ৰতিনিধিয়ে পৰিয়ালটোৰ 4 বছৰীয়া শিশুক যৌন নিৰ্যানতৰ চেষ্টা চলাইছিল ৷ ইতিমধ্যে, পৰিয়ালৰ লোকৰ অভিয়োগৰ ভিত্তিত কুন্টী আৰক্ষীয়ে অভিযুক্ত আটক কৰিছে ৷
পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জনোৱা অনুসৰি, অভিযুক্ত সুনীল নামৰ লোকজনে বিস্কুতৰ প্ৰলোভনৰে শিশুটিক এখন জংঘললৈ লৈ গৈছিল ৷