অসম

assam

ETV Bharat / jagte-raho

গৌৰীপুৰত কাৰ্টনে কাৰ্টনে বিলাতী সুৰা

গৌৰীপুৰ আৰক্ষীৰ অভিযানত জব্দ 25হাজাৰ টকা মূল্যৰ বিলাতী সুৰা

উত্তৰ গুৱাহাটীত জব্দ হয় বৃহৎ পৰিমাণৰ  অবৈধ বিলাতী সুৰা

By

Published : Mar 22, 2019, 5:29 PM IST

গুৱাহাটী, 22মাৰ্চ : শুকুৰবাৰে উত্তৰ গুৱাহাটীত জব্দ হয় বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা ৷ উত্তৰ গুৱাহাটীৰ গৌৰিপুৰ আৰক্ষীয়ে ফুলুঙ গাঁৱত অভিযান চলাই জব্দ কৰে কাৰ্টনে-কাৰ্টনে বিলাতী সুৰা ৷ বিশেষভাৱে ৰঙৰ উৎসৱ হোলীৰ দিনা ড্ৰাই ড্ৰে ঘোষণা হোৱাৰ পিছৰে পৰা কিছু সংখ্যক ব্যৱসায়ীয়ে চক্ৰান্তৰে সুৰা বিক্ৰী কৰি অহা সময়তে গৌৰিপুৰ আৰক্ষীয়ে ফুলুঙ গাঁৱৰ উৎপল বড়ো নামৰ লোকজনৰ দোকানত অভিযান চলাই জব্দ কৰে ডাইৰেক্টৰ স্পেচিয়েল, ব্লুৰ পৰা আৰম্ভ কৰি বিভিন্ন বেণ্ডৰ বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷

উত্তৰ গুৱাহাটীত জব্দ হয় বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা

উল্লেখযোগ্য যে দোকানীজনে হোলী উপলক্ষে দোকানত মজুত কৰি ৰাখিছিল বৃহৎ পৰিমাণৰ বিলাতী সুৰাখিনি ৷ আৰক্ষীয়ে এই অবৈধ বিলাতী সুৰাখিনিৰ মৃল্য প্ৰায় 25হাজাৰ টকা হোৱাৰ কথা উল্লেখ কৰাৰ উপৰিও জব্দ হোৱা সুৰাখিনি বিভিন্ন বেণ্ডৰ বুলিও জানিবলৈ দিয়ে ৷ ইতিমধ্যেই ঘটনা সন্দৰ্ভত গৌৰিপুৰ আৰক্ষীয়ে আতক কৰে উৎপল বড়োক ৷

ABOUT THE AUTHOR

...view details