অসম

assam

ETV Bharat / jagte-raho

নিয়াৰ অভিযানত গ্ৰেপ্তাৰ আইছিচৰ সৈতে জড়িত সাংবাদিকতাৰ ছাত্ৰী

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই সন্ত্ৰাসবাদক পূঁজি যোগান ধৰাৰ লগতে আইছিচৰ সৈতে জড়িত থকাৰ অভিযোগত দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰে ৷ সোমবাৰে নিয়াই এই সংক্ৰান্তত পুনেৰ পৰা এগৰাকী সাংবাদিকতাৰ ছাত্ৰী আৰু ব্যায়ামগাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰে ৷

By

Published : Jul 14, 2020, 5:32 AM IST

নিয়াৰ অভিযানত গ্ৰেপ্তাৰ আইছিচৰ সৈতে জড়িত সাংবাদিকতাৰ ছাত্ৰী
নিয়াৰ অভিযানত গ্ৰেপ্তাৰ আইছিচৰ সৈতে জড়িত সাংবাদিকতাৰ ছাত্ৰী

নিউজ ডেস্ক, 14 জুলাই : নিয়াই সাংবাদিকতাৰ এগৰাকী ছাত্ৰীকে ধৰি আন এগৰাকী লোকক সোমবাৰে পুনেৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ ইছলামিক ষ্টেট খোৰাচান প্ৰভিন্সৰ সৈতে জড়িত থকাৰ অভিযোগত দুয়োকে পুনেৰ পৰা গ্ৰেপ্তাৰ কৰে সংস্থাটোৱে ৷ দুয়োগৰাকীয়ে আইছিচৰ সহযোগত ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল আৰু নিয়াৰ শীৰ্ষ সূত্ৰই ইয়াৰ বিৰুদ্ধে তথ্য লাভ কৰিছিল ৷ সোমবাৰে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই দুয়োকে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

নিয়াই গ্ৰেপ্তাৰ কৰা সন্ত্ৰাস সহযোগী দুগৰাকী সাংবাদিকতা বিভাগৰ ছাত্ৰী ছাদিয়া আনৱৰ শ্বেইখ আৰু ব্যায়ামগাৰৰ স্বত্বাধিকাৰী নবিল এছ খাট্ৰী বুলি জানিব পৰা গৈছে আৰু দীৰ্ঘদিনৰ পৰাই দুয়োৱে পুনেত থাকি আইছিচক সহযোগ কৰি আহিছিল ৷ শ্বেইখ বাৰামাটিস্থিত এক প্ৰতিষ্ঠানৰ গণমাধ্যম আৰু সাংবাদিকতা বিভাগৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল আৰু খাট্ৰীয়ে পুনেত এক ব্যায়ামগাৰ চলাই আহিছিল ৷

এহাল কাশ্মীৰী দম্পতী, জাহানজেইব চামী ৱানী আৰু তেওঁৰ পত্নী হিনা বছিৰ বেইগক জামিয়া নগৰৰ পৰা গ্ৰেপ্তাৰৰ পিচতে দিল্লী আৰক্ষীৰ বিশেষ শাখাই 8 মাৰ্চত ৰুজু কৰা এক গোচৰত শ্বেইখ আৰু খাট্ৰীৰ নাম সাঙোৰ খাই পৰিছিল ৷ দম্পতীহাল আইছিচৰ সৈতে জড়িত আছিল আৰু নিয়াৰ গোচৰত গ্ৰেপ্তাৰ হৈ দিল্লীৰ তিহাৰ জেলত কাৰাবাস খাটি থকা আইছিচ অপৰাধী আব্দুল্লা বছিথৰ সংযোগত আছিল ৷

ছাদিয়াই তিনিওৰে সৈতে সংযোগত আছিল আৰু ভাৰতত আইছিচৰ ত্ৰাস বিয়পাই দিয়াৰ বাবে কাম কৰি আহিছিল ৷ তেওঁলোকে আটায়ে মিলি ভাৰতত আইছিচৰ এক গোট গঠনৰ বাবেও পৰিকল্পনা কৰিছিল ৷ ছাদিয়াৰ লগতে নবিলেও এওঁলোকৰ সৈতে সংযোগত আৰু ভাৰতত আক্ৰমণ সংঘটিত কৰাৰ বাবে অস্ত্ৰকে ধৰি ভুৱা ছিম, বিস্ফোৰক সামগ্ৰীকে ধৰি অন্যান্য কামৰ বাবে দায়িত্ব পালন কৰিছিল ৷ ছাদিয়াই 2015ৰ পৰা আইছিচৰ সৈতে জড়িত আছিল আৰু জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ৷ যাৰ বাবে 2018 চনত জম্মু-কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল ছাদিয়াক ৷

পুনেৰ পৰা আটক কৰাৰ পিচতে দুয়োকে দিল্লীস্থিত নিয়াৰ বিশেষ আদালতত উপস্থাপন কৰা হ'ব আৰু ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে ৷

লগতে পঢ়কঃভাৰতত 75 হাজাৰ কোটি বিনিয়োগ কৰিব গুগলে

ABOUT THE AUTHOR

...view details