নিয়াৰ অভিযানত বাংগালোৰত গ্ৰেপ্তাৰ আইছিছ সন্ত্ৰাসবাদী - নিয়াৰ অভিযানত বাংগালোৰত গ্ৰেপ্তাৰ আইছিছ সন্ত্ৰাসবাদী
ক্ৰমাৎ ভাৰতত খোপনি পুতিছে বিশ্বত্ৰাস আইছিছ সন্ত্ৰাসাবাদীয়ে ৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ অভিযানত বাংগালোৰৰ পৰা গ্ৰেপ্তাৰ হয় সন্দেহজনক আইছিছ সন্ত্ৰাসবাদী ৷

নিয়াৰ অভিযানত বাংগালোৰত গ্ৰেপ্তাৰ আইছিছ সন্ত্ৰাসবাদী
নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰী :বুধবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ অভিযানত গ্ৰেপ্তাৰ হয় এগৰাকী আইছিছ সন্ত্ৰাসবাদী ৷ কৰ্নাটকৰ 19টা স্থানত তালাচী অভিযান চলোৱাৰ পিচত বুধবাৰে বাংগালোৰত গ্ৰেপ্তাৰ হয় আইছিছৰ সন্ত্ৰাসবাদীটো ৷ ধৃত সন্ত্ৰাসবাদীটো ফাজিভ-উৰ-ৰেহমান বুলি জানিব পৰা গৈছে ৷ বাংগালোৰৰ চিলিকন ভেলী অঞ্চলৰ পৰাই গ্ৰেপ্তাৰ হয় ধৰ্মীয় মৌলবাদী সন্ত্ৰাসবাদী সংগঠন আইছিছৰ সদস্যগৰাকী ৷ নিয়াই প্ৰকাশ কৰা অনুসৰি, ৰাজ্যখনত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ খোপনি পুতিছিল সন্ত্ৰাসবাদীটোৱে ৷