নতুন দিল্লী, 26 এপ্ৰিলঃ বৃহস্পতিবাৰে ইছলামিক উগ্ৰপন্থী সংগঠন জইচ-ই-মহম্মদৰ লগত জড়িত দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA) চমুকৈ ‘নিয়া’ই । উগ্ৰপন্থী সংগঠনটোৰ উচ্চ পদস্থ নেতাই ভাৰতত বিভিন্ন কূটাঘাটমূলক কাণ্ড সংঘটিত কৰিবলৈ বিভিন্ন লোকক সংগঠনটোত নিয়োগ কৰি আহিছে । এনেধৰণৰে পৰিকল্পনাত জড়িত থকাৰ অভিযোগত ‘নিয়া’ই আটক কৰে তনৱীৰ (২৯) আৰু বিল্লাল মীৰ (২৩) নামৰ যুৱক দুজনক ।
জইচ-ই-মহম্মদৰ লগত জড়িত থকাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ - jaish-e-mahammad
জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ নিবাসী আটকাধীন যুৱক দুগৰাকীক নিয়াৰ সাতদিনৰ জিম্মালৈ প্ৰেৰণ বিশেষ আদালতৰ । ‘নিয়া’ই প্ৰকাশ কৰা অনুসৰি জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ নিবাসী দুয়োগৰাকী যুৱক পাকিস্তানৰ উগ্ৰপন্থী সংগঠনৰ লগত জড়িত ।
etv bharat
‘নিয়া’ই প্ৰকাশ কৰা অনুসৰি জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ নিবাসী দুয়োগৰাকী যুৱক পাকিস্তানৰ উগ্ৰপন্থী সংগঠনৰ লগত জড়িত ।
উল্লেখ্য যে, নিয়াৰ অনুসন্ধানত এই কথা পোহৰলৈ আহিছে যে পূৰ্বতে আটকাধীন চজ্জাদ আহমেদ নামৰ লোকজনৰ লগত তনৱীৰ আৰু বিল্লাল মীৰে হোৱাটচএপযোগে সক্ৰিয়ভাৱে সংযোগ স্থাপন কৰি আহিছিল । বৃহস্পতিবাৰে, আটকাধীন দুয়োগৰাকীকে নিয়াৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে সোধ-পছচৰ বাবে নিয়াৰ সাত দিনৰ জিম্মালৈ প্ৰেৰণ কৰে ।