নিউজ ডেস্ক, 1 জানুৱাৰী :2020 বৰ্ষত জন্মু-কাশ্মীৰত 1,600গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ DGP দিলবাগ সিঙে শনিবাৰে প্ৰকাশ কৰিছে তথ্য ৷
উল্লেখ্য যে, 2020 বৰ্ষৰ আৰম্ভণিৰ পৰাই কেন্দ্ৰীয় শাসিত অঞ্চলটোত ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ হৈছিল ৷ তেওঁ প্ৰকাশ কৰা তথ্য অনুসৰি, 2020 বৰ্ষত জম্বু-কাশ্মীৰত ড্ৰাগছ সম্পৰ্কীয় 1,132 টা গোচৰ পঞ্জীয়ন হৈছিল ৷ একেদৰে,1,672গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল ৷
আনহাতে, বিষয়া গৰাকীয়ে পুনৰ জনোৱা অনুসৰি, ড্ৰাগছ আৰু নিচা জাতীয় এই সমূহ সামগ্ৰীয়ে সন্ত্ৰাসবাদক জীয়াই ৰাখিছে ৷ যাৰবাবে এই সমূহ ঘাটি উচ্ছেদ কৰাটো অন্যন্ত জৰুৰী ৷