নলবাৰী, 19 ডিচেম্বৰ : অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল নলবাৰীৰ বেংক ডকাইতিৰ বৃহৎ গেঙক ৷ গ্ৰেপ্তাৰ কৰা দলটোৱে আৰক্ষীৰ ওচৰত এফালৰ পৰা প্ৰদৰ্শন কৰি গল ডকাইতি কাণ্ডৰ বিৱৰণ ৷
উল্লেখ্য যে, 21 নৱেম্বৰত নলবাৰী জিলাৰ অমিয়াপুৰস্থিত পাঞ্জাৱ নেচনেল বেংকত ডকাইতি কাণ্ড সংঘটিত হৈছিল ৷ দিন দুপৰতে বেংকটোৰ পৰা প্ৰায় 50 লাখ টকা লুটপাত কৰিছিল এটা বৃহৎ দলে ৷ ঘটনাৰ পিচতে নলবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৃহৎ ডকাইতৰ দলটোক ৷