নলবাৰী,11 আগষ্টঃ নিজৰ কুলাংগাৰ পুত্ৰৰ নিৰ্যাতনৰ বলি হৈ আনৰ ঘৰত আশ্ৰয় এগৰাকী মাতৃৰ৷ নলবাৰীৰ বৰমুৰিকনা গাঁৱৰ ৰঞ্জন চক্ৰৱৰ্তী নামৰ যুৱকজনে সম্পত্তিৰ অজুহাতত নিজ মাতৃ কুষুম দেৱীক বিগত কিছুদিনৰ পৰা মাৰ ধৰ কৰাৰ লগতে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে । কুলাংগাৰ পুত্ৰৰ নিৰ্যাতন সহিব নোৱাৰি প্ৰাণৰ ভয়ত আনৰ ঘৰত আশ্ৰই ল'ব লগা হৈছে এই গৰাকী অ-সহায়ই বৃদ্ধাই । মাতৃক দেখিলেই হাতত দা লৈ কাটিবলৈ আহে পুত্ৰই ।
পুত্ৰৰ অত্যাচাৰ সহিব নোৱাৰি ঘৰ এৰিলে 60 বছৰীয়া বৃদ্ধাই - কুষুম দেৱী
কেৱল সম্পত্তিৰ স্বাৰ্থত নলবাৰীৰ ৰঞ্জন চক্ৰৱৰ্তী নামৰ যুৱকজনে নিজ মাতৃ কুষুম দেৱীক বিগত কিছুদিনৰ পৰা মাৰ ধৰ কৰাৰ লগতে ঘৰৰ পৰা বাহিৰ কৰি দিয়াত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ
![পুত্ৰৰ অত্যাচাৰ সহিব নোৱাৰি ঘৰ এৰিলে 60 বছৰীয়া বৃদ্ধাই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4106333-thumbnail-3x2-hj.jpg)
ঘৰ থাকিও অঘৰী নলবাৰীৰ এগৰাকী ৬০ বছৰীয়া বৃদ্ধা
ঘৰ থাকিও অঘৰী নলবাৰীৰ এগৰাকী ৬০ বছৰীয়া বৃদ্ধা
প্ৰাণৰ ভয়ত আনৰ ঘৰত আশ্ৰই লৈ থাকিব লগা হৈছে বৃদ্ধাগৰাকীয়ে । নিজ পুত্ৰৰ এনে কাণ্ডৰ বিৰুদ্ধে বৰমুৰিকনা ৰাইজ একত্ৰিত হৈ নলবাৰী সদৰ থানাত গোচৰ ৰুজু কৰে যদিও পুত্ৰ ৰঞ্জন চক্ৰৱৰ্তীক আটক কৰি পিছদিনা পুৱাই মুকলি কৰি দিয়ে আৰক্ষীয়ে । নিজ পুত্ৰই মাতৃৰ প্ৰতি কৰা এনে অ-মানৱীয় কাণ্ডই লজ্জানত কৰিছে সভ্যসমাজক৷