অসম

assam

ETV Bharat / jagte-raho

দৰঙৰ মাগুৰমাৰীত দুৰ্বৃত্তই হত্যা কৰি লুটি নিলে টকা

দৰঙৰ শ্যামপুৰৰ ২ নং মাগুৰমাৰীত এটা দুৰ্বৃত্তৰ দলে বাট আগুচি চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে এজন লোকক । কথমপি ৰক্ষা পৰে পুত্ৰ ।

By

Published : Sep 1, 2020, 2:22 PM IST

Murder Incident At Dalgaon Shyampur
দৰঙৰ ২ নং মাগুৰমাৰীত দুৰ্বৃত্তই হত্যা কৰি লুটি নিলে দুই লাখ টকা

দলগাঁও, ১ ছেপ্তেম্বৰঃ দৰং জিলাৰ শ্যামপুৰ থানাৰ অন্তৰ্গত ২ নং মাগুৰমাৰীত সোমবাৰে সন্ধিয়া সংঘটিত হয় এক জঘন্য হত্যাকান্ড । ঘটনা সন্দৰ্ভত হত্যাৰ সময়ত লগত থকা পুত্ৰৰ ভাষ্য মতে ২ নং মাগুৰমাৰীৰ কালাইৰ চৰৰ মহম্মদ আলি (৫৭) চকতোলা বজাৰৰ পৰা সন্ধিয়া পুত্ৰৰ সৈতে ঘৰলৈ যাওঁতে ২০/৩০ জনীয়া এটা দুৰ্বৃত্তৰ দলে বাট আগুচি ধৰি চোকা অস্ত্ৰৰে ডিঙিত ঘপিয়াই হত্যা কৰে । সেই সময়ত লগত থকা পুত্ৰ ৰহিম আলিকো হত্যাৰ চেষ্টা কৰে যদিও কথমপি ৰক্ষা পৰে পুত্ৰ ।

দৰঙৰ ২ নং মাগুৰমাৰীত দুৰ্বৃত্তই হত্যা কৰি লুটি নিলে দুই লাখ টকা

আনহাতে, দুৰ্বৃত্তৰ দলটোৱে মহম্মদ আলিৰ লগত থকা প্ৰায় দুই লাখ টকা দুৰ্বৃত্তৰ দলটোৱে লুটি নিয়া বুলি অবগত কৰে মৃত মহম্মদ আলিৰ পুত্ৰ ৰহিম আলিয়ে । উক্ত ঘটনাটো ৰাইজে আৰক্ষীক অবগত কৰে ৷ খবৰ পাই শ্যামপুৰ থানাৰ আৰক্ষীৰ দল এটা ততাতৈয়াকৈ ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

লগতে পঢ়ক-কৰিমগঞ্জত পৰিয়ালকেন্দ্ৰিক সংঘৰ্ষত নিহত এজন

ABOUT THE AUTHOR

...view details