নগাঁও, 18 ডিচেম্বৰ : নগাঁৱত 9 নৱেম্বৰৰ পৰাই সন্ধানহীন হৈ আছে এগৰাকী 7 বছৰীয়া পুত্ৰসহ মাতৃ ৷ 9 নৱেম্বৰত পুত্ৰৰ সৈতে বজাৰ কৰিবলৈ অহাৰ পৰাই সন্ধানহীন দুই মাতৃ আৰু পুত্ৰ ৷
জানিব পৰা মতে,নগাঁৱৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণপাট হাতীগড়ৰ ননৈৰ ৰাজু শইকীয়াৰ পত্নী তৃষ্ণা শইকীয়া আৰু 7 বছৰীয়া পুত্ৰ যুগান্ত প্ৰতীম শইকীয়াই দক্ষিণপাট চাৰিআলিত বজাৰ কৰিবলৈ অহাৰে পৰা সন্ধানহীন হৈ আছে । বৰ্তমানে সন্ধানহীন হোৱা পুত্ৰ আৰু পত্নীক বিচাৰি স্বামীয়ে নগাঁও চহৰৰ অলিয়ে-গলিয়ে ঘুৰি ফুৰিছে ৷ ইতিমধ্যে,স্বামী ৰাজু শইকীয়াই ঘটনা সন্দৰ্ভত বেবেজীয়া আৰক্ষী চকীৰ লগতে নগাঁৱৰ আৰক্ষী অধীক্ষকৰ ওচৰতো এজাহাৰ দাখিল কৰিছে ।