মৰিগাঁও, 23 জুলাই : লকডাউনৰ অত্যাৱশ্যকী সামগ্ৰী কঢ়িওৱা নামত একাংশ দুষ্ট চক্ৰৰ নিচাজাতীয় দ্ৰব্য ৰমৰমীয়া ব্যৱসায় কৰি আহিছে । বৃহস্পতিবাৰে মৰিগাঁৱৰ মিকিৰভেটা বালিজানৰ পৰা এখন সামগ্ৰী কঢ়িওৱা ট্ৰাকেৰে গুৱাহাটীলৈ নিয়াৰ সময়তে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আটক কৰে তিনি ড্ৰাগছ সৰবৰাহত জড়িত যুৱকক ।
লকডাউনৰ সুযোগ লৈ একাংশই চলাই আহিছে নিষিদ্ধ হেৰ’ইনৰ ৰমৰমীয়া বেহা ৷ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱাৰ অনুমতি লৈ গুৱাহাটীলৈ সৰবৰাহ কৰি আহিছিল বৃহৎ পৰিমানৰ হেৰ’ইন ৷ মৰিগাওঁ জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত বালিজান গাঁৱৰ তিনি সৰবৰাহকাৰী ক্ৰমে জেহিৰুল ইছলাম,আবুল হক আৰু জইনুদ্দিন হুছেইনে এখন বলেৰ’ পিকআপ বাহনেৰে গুৱাহাটীলৈ সৰবৰাহৰ চেষ্টা চলাইছিল প্ৰায় লক্ষ্যাধিক টকা মূল্যৰ নিষিদ্ধ হেৰ’ইনখিনি ৷ এক গোপন সূত্ৰৰ পম খেদি জাগীৰোড আৰক্ষীয়ে পশ্চিম নগাঁৱত তিনিওকে আটক কৰাৰ লগতে জব্দ কৰিবলৈ সক্ষম হয় হেৰ’ইন ৷