মৰিগাওঁ, 5 আগষ্ট : আত্মসহায়ক গোটৰ কিস্তি দিবলৈ গৈ ৰহস্যজনকভাৱে মবাইল অফ কৰি তিনিদিন ধৰি শুংসুত্ৰ নাই এহাল মাতৃপুত্ৰৰ । ঘটনা সন্দৰ্ভত ইতিমধ্যেই দাখিল কৰা হৈছে এজাহাৰ ।
মৰিগাঁও বহাবৰপাক গাঁৱৰ পৰা এটি দুবছৰীয়া সন্তান সহ মাতৃ নিখোজ হোৱাৰ ঘটনা পোহৰলৈ আহিছে । ঘটনাৰ বিৱৰণী মতে মৰিগাঁও জিলাৰ মায়ং আৰক্ষী থানাৰ অন্তৰ্গত বৰপাক গাঁৱৰ নিবাসী সমীৰ দাসৰ পত্নী লক্ষ্মীৰাণী দাসে বিগত 1আগষ্টত ওচৰৰ দীপ্ৰাঙত গোটৰ নিয়মীয়া কিস্তি দিবলৈ যায় । সন্ধিয়ালৈকে ঘৰলৈ ঘুৰি নহাত ওচৰ চুবুৰীয়াৰ লগতে আত্মীয় ঘৰত বিচাৰ খোচাৰ কৰি বিফল হয় । উপায়ন্তৰ হৈ স্বামী তথা পৰিয়ালে মায়ং আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ।