নগাঁও, 30 ডিচেম্বৰ : নগাঁৱত দিন দুপৰতে চুৰি দেখুৱাই কলেজৰ ছাত্ৰৰ পৰা দুৰ্বৃত্তই লুটি নিলে ধন । নগাঁও চহৰৰ মুকুট শৰ্মা চাৰিআলি আৰু নগাঁও ছোৱালী কলেজৰ সমীপৰ ফুট ব্ৰীজ সমীপত বুধবাৰে বিয়লি প্ৰায় চাৰি বজাত পৃথকে পৃথকে সংঘটিত হয় এই ডকাইতিৰ ঘটনা ।
নগাঁৱত কলেজীয়া ছাত্ৰৰ পৰা দুৰ্বৃত্তই লুটিলে ধন - miscreants looted College student in Nagaon
নগাঁৱত দিন-দুপৰতে ছাত্ৰৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে ধন ৷
![নগাঁৱত কলেজীয়া ছাত্ৰৰ পৰা দুৰ্বৃত্তই লুটিলে ধন নগাঁৱত কলেজীয়া ছাত্ৰৰ পৰা দুৰ্বৃত্তই লুটিলে ধন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10063614-thumbnail-3x2-0.jpg)
নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি হোষ্টেল অভিমুখে খোজকাঢ়ি গৈ থকা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ দুজনকৈ ছাত্ৰৰ পৰা মুঠ ২,৪০০ টকা দুৰ্বৃত্তই লুট কৰি নিয়ে । এজন ছাত্ৰৰ পৰা ভয়-ভাবুকিৰে নগদ চাৰিশ টকা কাঢ়ি নিয়াৰ বিপৰীতে দুৰ্বৃত্তই আন এজন ছাত্ৰৰ হাতত নগদ ধন নথকাত ATM বুথৰ পৰা ২০০০ টকা উলিয়াই আনিবলৈকো বাধ্য কৰে । এই দুষ্কাৰ্য সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে । নগাঁও চহৰৰ মাজমজিয়াত দিনৰ পোহৰতে সংঘটিত এই ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বিভিন্নজনে ।
লগতে পঢ়ক :2020ত সফল পৰীক্ষণ সম্পন্ন হোৱা ভাৰতৰ ক্ষেপনাস্ত্ৰ প্ৰণালীসমূহ
TAGGED:
Robbery