ৰঙিয়া, 1 নৱেম্বৰ : গাড়ী চুৰি কৰিবৰ বাবে গাড়ীচালকক গুলিওৱা দুই দুৰ্বৃত্তক কৰায়ত্ব কৰে ৰঙিয়া আৰক্ষীয়ে ৷ গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে কৰায়ত্ব কৰে দুই দুৰ্ধৰ্ষ ডকাইত ৷
বিগত শুকুৰবাৰে ৰঙিয়াৰ দহৰাত এখন চুইফট ডিজায়াৰ গাড়ী চুৰি কৰাৰ উদ্দেশ্যে গাড়ীচালকলৈ বুলি লক্ষ্য কৰি গুলিচালনা কৰিছিল দুয়ো ৷ কিন্তু গাড়ীচালক দীপক দাসে অতি কৌশলেৰে সেই স্থানৰ পৰা পলায়ন কৰি আত্মৰক্ষা কৰিছিল যদিও বৰ্তমানে গুৱাহাটীৰ আয়ুৰচন্দ্ৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ গাড়ীৰ চাবিত ৰিম'ট কন্ট্ৰ'ল থকাৰ বাবে ব্যৰ্থ হৈছিল দুই ডকাইত ৷ ৰঙিয়া আৰক্ষীয়ে শনিবাৰে নিশা বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত উক্ত ঘটনাৰ সৈতে জড়িত থকা দুই দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰে ৷ ধৃত ডকাইত দুজন ৰঙিয়াৰ 5 নং ৱাৰ্ডৰ তৈয়াবৰ ৰহমান ওৰফে পাকু আৰু পিতাম্বৰ হাট বজালীৰ চৰিফুল হক ওৰফে তিক্লা বুলি জানিব পৰা গৈছে । ইতিমধ্যে আৰক্ষীয়ে দুয়োৰে পৰা ঘটনাত ব্যৱহৃত এটি পিষ্টল আৰু দুটা মোবাইল ফোন জব্দ কৰিছে ৷