কৰিমগঞ্জ, 6 মাৰ্চঃ মানৱ সমাজক লজ্জানত কৰা ঘটনা বৃদ্ধি পাইছে প্ৰতিদিনে ৷ একাংশ মানুহৰ পাশৱিক মনোবৃত্তিয়ে চেৰাই গৈছে সকলো সীমা ৷ তেনে এক অপৰাধ সংঘটিত হ'ল কৰিমগঞ্জ জিলাৰ সুপ্ৰাকান্দিৰ পিননগৰত ৷ এগৰাকী চাৰি বছৰীয়া কণমাণি বলি হ'ব লগীয়া হ'ল সম্পৰ্কীয় খুৰাকৰ যৌন কামনাৰ ৷
ৰামকৃষ্ণ নমশূদ্ৰয় নামৰ পাশৱিক মনোবৃত্তিৰ যুৱকজনে চকলেট আৰু মবাইল দেখুওৱাৰ প্ৰলোভনেৰে কণমাণিজনীক মাতি নিয়ে নিজ ঘৰলৈ ৷ আৰু নিজ ঘৰতে সংঘটিত কৰে দুষ্কাৰ্য ৷