অসম

assam

ETV Bharat / jagte-raho

ডিফুত নাবালিকাক গণধৰ্ষণ, আৰক্ষীৰ তৎপৰতাত গ্ৰেপ্তাৰ তিনি ধৰ্ষণকাৰী - নাবালিকাক গণধৰ্ষণৰ ঘটনা

মানৱ সমাজত লজ্জানত কৰি কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত সংঘটিত হৈছে নাবালিকাক গণধৰ্ষণৰ ঘটনা ৷ এই ঘটনাই ডিফুৰ চৌপাশে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

ডিফুত নাবালিকাক গণধৰ্ষণ, আৰক্ষীৰ তৎপৰতাৎ গ্ৰেপ্তাৰ তিনি ধৰ্ষণকাৰী

By

Published : Sep 19, 2019, 10:29 PM IST

ডিফু, ১৯ চেপ্তেম্বৰঃকাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত সংঘটিত হৈছে নাবালিকাক গণধৰ্ষণৰ ঘটনা ৷ কাৰ্বি আংলং জিলাৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই জনোৱা মতে ১৭ চেপ্তেম্বৰত ডিফু অসামৰিক চিকিৎসালয়ৰ পৰা এগৰাকী ১০ বছৰীয়া নাবালিকাৰ ধৰ্ষণৰ খবৰ লাভ কৰে ৷ এই খবৰ লাভ কৰি ডিফু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ধৰ্ষিতা শিশু গৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৷ ধৰ্ষিতা ডিফু বেচিক স্কুল কলনিৰ এগৰাকী আত্মীয়ৰ ঘৰত বসবাস কৰে আৰু তাতে দিনৰ ১২ বজাৰ পৰা ৪ বজাৰ ভিতৰতে নাবালিকা শিশু গৰাকীক গণ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷

ডিফুত নাবালিকাক গণধৰ্ষণ, আৰক্ষীৰ তৎপৰতাৎ গ্ৰেপ্তাৰ তিনি ধৰ্ষণকাৰী

আনহাতে আৰক্ষীৰ অভিযানত ডিমাপুৰৰ ছয় মাইলৰ পৰা এটা ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত ধৃত ধৰ্ষণকাৰীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আন দুটা ধৰ্ষণকাৰীক কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ পৰা আটক কৰা হয় ৷ প্ৰথমে ধৰ্ষণকাৰীয়ে ঘটনা সন্দৰ্ভত স্বীকাৰ কৰা নাছিল যদিও আৰক্ষীৰ জেৰাত সমগ্ৰ ঘটনাৰ স্বীকাৰ কৰে বুলি উপ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, এই সন্দৰ্ভত ডিফু থানাত ২৫৬/ ২০১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৬ (ডিবি) আৰু আৰ ডব্লিউ ধাৰা পকচ' ৬ অনুসৰি গোচৰ ৰুজু কৰি তিনি ধৰ্ষণকাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৷ ধৰ্ষিতা শিশু গৰাকী বৰ্তমানেও সংকট জনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details