নগাঁও, 14 জুলাই : মৃতদেহ উদ্ধাৰক লৈ নগাঁৱত চাঞ্চল্য ৷ জিলাখনৰ এলফিষ্টন চাৰিআলিত উদ্ধাৰ হয় এটা মৃতদেহ ৷ এখন ৰখাই থোৱা বাহনৰ পৰা উদ্ধাৰ হয় মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী ব্যক্তিৰ মৃতদেহ ৷
এলফিষ্টন চাৰিআলিৰ হোটেল এএম পেলেচৰ সন্মুখত ৰখাই অৱস্থাত উদ্ধাৰ হয় মানিক দে' নামৰ ব্যক্তিগৰাকীৰ মৃতদেহ ৷ মানসিকভাৱে বিকাৰগ্ৰস্ত মানিক দে', বিগত শুকুৰবাৰৰ পৰা নিখোজ হৈ আছিল ৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ইটাচালি আৰক্ষী চকীত এক এজাহাৰো দাখিল কৰিছিল ৷