অসম

assam

ETV Bharat / jagte-raho

ৰাজ্যত চলিছে চিকিৎসা সন্ত্ৰাসবাদঃ তিনি চিকিৎসকৰ বিৰুদ্ধে দাখিল এজাহাৰ - Sarma Nurshing Home Sivsagar

কোভিড-19 মহামাৰীৰ সময়তো একাংশ চিকিৎসকে ৰাজ্যত চলাই গৈছে সন্ত্ৰাস ৷ শিৱসাগৰত তিনিগৰাকী চিকিৎসকৰ বিৰুদ্ধে দাখিল হৈছে এজাহাৰ ৷

ৰাজ্যত চলিছে চিকিৎসা সন্ত্ৰাসবাদঃ তিনি চিকিৎসকৰ বিৰুদ্ধে দাখিল এজাহাৰ
ৰাজ্যত চলিছে চিকিৎসা সন্ত্ৰাসবাদঃ তিনি চিকিৎসকৰ বিৰুদ্ধে দাখিল এজাহাৰ

By

Published : Jun 15, 2020, 1:33 AM IST

শিৱসাগৰ, 14 জুন : শিৱসাগৰৰ তিনি চিকিৎসকৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত দাখিল কৰা হয় এজাহাৰ । মুন্না বাছফৰ নামৰ এগৰাকী ব্যক্তিয়ে চিকিৎসক গিৰিৰাজ শৰ্মা, মুকুন্দ ৰাভা আৰু ললিত বৰাৰ বিৰুদ্ধে দাখিল কৰিছে এই এজাহাৰ ।

অভিযোগ অনুসৰি, মুন্না বাছফৰ নামৰ ব্যক্তিগৰাকীৰ পত্নী মুন্নী বাছফৰৰ চিকিৎসাৰ নামত তিনি চিকিৎসকে প্ৰবঞ্চনাৰে ভুল চিকিৎসা কৰি ৰোগীক গিনিপিগ সজোৱাৰ লগতে এতিয়া মৃত্যুৰ সৈতে যুঁজি আছে মুন্নী বাছফৰ ৷ যাৰ বাবে চিকিৎসক তিনিজনৰ বিৰুদ্ধে এইদৰে সদৰ থানা মুন্না বাছফৰে দাখিল কৰে এজাহাৰ । তিনিও চিকিৎসকৰ গাফিলতিৰ বাবে এতিয়া বিচনাত জীৱন মৃত্যুৰ মাজত যুঁজি আছে মুন্নী বাছফৰে । মুন্নী বাছফৰৰ চিকিৎসাৰ নামত সৰ্বহাৰা হোৱা পৰিয়ালটোৰ হাতত সম্প্ৰতি এটা ফুটা কড়িও নাই বুলি জানিব পৰা গৈছে । ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলা তিনিও চিকিৎসকৰ বিৰুদ্ধে অৱশেষত এইদৰে এজাহাৰ দাখিল কৰা হয় ।

ৰাজ্যত চলিছে চিকিৎসা সন্ত্ৰাসবাদঃ তিনি চিকিৎসকৰ বিৰুদ্ধে দাখিল এজাহাৰ

শৰ্মা নাৰ্ছিং হোমত কৰ্মৰত চিকিৎসককেইজৰ বিৰুদ্ধে নাৰ্ছিং হোম কৰ্তৃপক্ষই এই অভিযোগ নাকচ কৰি ৰোগীক প্ৰদান কৰিবলগীয়া সকলো চিকিৎসা প্ৰদান কৰাৰ দাবী কৰিছে । চিকিৎসালয় আৰু চিকিৎসকৰ কোনো গাফিলতি হোৱা নাই বুলিও দাবী কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ।

লগতে পঢ়কঃনাওবৈচাৰ বৰগলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অনুপস্থিতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details