অসম

assam

ETV Bharat / jagte-raho

খাদ্য নিগমৰ চুৰি চাউলসহ এজন আটক - পিকলু দাস ওৰফে ৰাহুল

মাঞ্জা আৰক্ষীয়ে উদ্ধাৰ কৰিলে ১৯ বস্তা চুৰি এফচিআইৰ চাউল ৷ এজন আটক ৷

খাদ্য নিগমৰ চুৰি চাউলসহ এজন আটক
খাদ্য নিগমৰ চুৰি চাউলসহ এজন আটক

By

Published : Sep 22, 2020, 2:39 AM IST

ডিফু, 22 ছেপ্টেম্বৰ : ভাৰতীয় খাদ্য নিগম বোৰ্ড চমুকৈ এফচিআইয়ে বিভিন্ন জিলালৈ প্ৰেৰণ কৰা চাউলৰ এক চুৰি কাৰ্য পোহৰলৈ অহাত বৃহৎ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এনে এক চুৰি কাৰ্যৰ বাবে ৰঙা ঘৰৰ আলহী হয় কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ নিকটৱৰ্তী বিৰলাৰ এক যুৱক ৷

লগতে পঢ়ক :আইপিএল 2020 : 10 ৰানত জয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ

আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি সোমবাৰে মাঞ্জাৰ এজন ব্যৱসায়ীয়ে মাঞ্জা আৰক্ষীক জনায় যে পিকলু দাস ওৰফে ৰাহুল (28) নামৰ এজন যুৱকে মাঞ্জা থানা এলেকাৰ মহংদিজুৱাৰ পৰা তেওঁৰ গাড়ীৰে 19 বস্তা চাউল আনিবলৈ গাড়ীখন ভাড়াত লৈ যায় আৰু চাউলখিনি মাঞ্জা এছবিআই ওচৰৰ তেওঁৰ গেৰেজত ৰাখে ৷ পিছত এফচিআইৰ চীল-মোহৰ থকা চাউলৰ বস্তাখিনিৰ ওপৰত গেৰেজৰ কৰ্মচাৰীৰ সন্দেহ হোৱাত আৰক্ষীক খবৰ দিয়ে ৷

লগতে পঢ়ক :২৪ ছেপ্তেম্বৰত ভক্তৰ বাবে মুকলি হ’ব শক্তিপীঠ কামাখ্যা

আৰক্ষীৰ সহযোগত পিকলু দাসক ফোন কৰাত তেওঁৰ মোবাইল চুইছ অফ পায় ৷ ইয়াৰ পিছত আৰক্ষীয়ে পিকলু দাস ওৰফে ৰাহুলক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত পিকলু দাসে চাউলখিনি মহংদিজুৱাৰ ওচৰত এফচি চাউল কঢ়িওৱা ট্ৰাকৰ চালকৰ পৰা 800টকাকৈ ক্ৰয় কৰিছিল বুলি স্বীকাৰ কৰে ৷ চাউলখিনিৰ বজাৰ মূল্য প্ৰায় 15 হাজাৰ টকা বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 379ত মাঞ্জা থানাত 33/2020 নম্বৰত এক গোচৰ ৰুজু কৰি পিকলু দাসক জেৰা অব্যাহত ৰাখিছে ৷ মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাই সাংবাদিকক জনাবলৈ দিয়া অনুসৰি উক্ত চুৰি কাৰ্যৰ মূল অপৰাধীক তদন্ত ক্ৰমে শীঘ্ৰে কৰায়ত্ত কৰা হ'ব ৷

লগতে পঢ়ক :অসমত 4.4 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

ABOUT THE AUTHOR

...view details