নিউজ ডেস্ক, 26 ডিচেম্বৰ :হায়দৰাবাদৰ সাংসদ আছাদউদ্দিন ওৱেচিৰ অল ইণ্ডিয়া মজলিছ-ই-ইট্টেহাদুল মুছলিমেন দলৰ আদিলাবাদ জিলা সভাপতি মহম্মদ ফাৰুকৰ নিৰ্বিচাৰ গুলীচালনাত আঘাতপ্ৰাপ্ত হোৱা চৈয়দ জমীৰৰ শনিবাৰে মৃত্যু হয় ৷ বিগত 18 ডিচেম্বৰত আদিলাবাদত সাধাৰণ কথাতে চৈদয় জমীৰ আৰু তেওঁৰ ভাতৃ চৈয়দ মান্নান তথা ভতিজা চৈয়দ মহটেছিক যধে-মধে আক্ৰমণ কৰিছিল এমআইএমৰ নেতা মহম্মদ ফাৰুকে ৷ গুলীচালনাৰ লগতে উপৰ্যুপৰি চুৰিকাঘাত কৰিছিল ফাৰুকে ৷
এমআইএম নেতা ফাৰুকৰ এই আক্ৰমণৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল জমীৰ আৰু তেওঁৰ ভাতৃ মান্নান ৷ তেওঁলোকক হায়দৰাবাদৰ নিজাম ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু শনিবাৰে দিনৰ ভাগত মৃত্য়ু ঘটে চৈয়দ জমীৰৰ ৷ জমীৰ আদিলাবাদৰ টাটিগুড়াৰ এগৰাকী প্ৰাক্তন কাউন্সিলৰ আছিল ৷ ৰাজনৈতিক কাৰণতে এমআইএম নেতা ফাৰুকে আক্ৰমণ কৰিছিল জমীৰক ৷
সমগ্ৰ আক্ৰমণৰ ঘটনা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৷ ভিডিঅ’টোত ফাৰুকে নিৰ্বিচাৰে জমীৰ আৰু তেওঁৰ ভাতৃৰ লগতে ভতিজাকক নিজৰ অনুজ্ঞাপত্ৰযুক্ত ৰিভলভাৰ আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিল ৷