গুৱাহাটী, 4 নবেম্বৰ: সোমাবাৰে পুৱা গুৱাহাটী ৰে'ল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত জব্দ হয় সোণৰ বিস্কুট ৷ ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ A-4ডবাৰ চাৰি নম্বৰ চিটৰ তলৰ উদ্ধাৰ কৰা হয় সোণখিনি ৷ টাছবিৰ সিং নামৰ হাৰিয়ানাৰ যুৱকজনৰ পৰা 665 গ্ৰাম ওজনৰ সোণৰ চাৰিখন বিস্কুট জব্দ কৰে । জব্দ কৰা সোণৰ বিস্কুটৰ মূল্য প্ৰায় 24 লাখ টকা । ৰে'ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে উক্ত সোণৰ বিস্কুট কেইখন ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ লৈ যোৱা হৈছিল ।
আনহাতে গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীয়ে কয় যে, সোণৰ বিস্কুটখিনি দিল্লীৰ পৰা ডিমাপুৰলৈ বিক্ৰীৰ বাবে লৈ অনা হৈছিল । সোণৰ দাম কম লাভ কৰাৰ বাবেই ডিমাপুৰৰ পৰা দিল্লীলৈ ঘূৰাই লৈ গৈ আছিল বিস্কুটখিনি । এই সম্পৰ্কে ৰেল আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।
গুৱাহাটী ৰে'লৱে ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ এজন - MAN HELD WITH GOLD BISCUITS IN GUWAHATI
নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা 665 গ্ৰাম ওজনৰ সোণৰ চাৰিখন বিস্কুট জব্দ ৷ উক্ত সোণৰ বিস্কুট কেইখন ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ লৈ যোৱা হৈছিল ।
![গুৱাহাটী ৰে'লৱে ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4956784-thumbnail-3x2-gb.jpg)
গুৱাহাটী ৰেল ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ এজন
গুৱাহাটী ৰেল ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ এজন