নেশ্যনেল ডেস্ক, 21 জানুৱাৰীঃপশ্চিমবংগৰ ৰাজধানী কলকাতাত মঙলবাৰে নিচাযুক্ত দ্ৰব্যসহ দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ জেষ্ঠ আৰক্ষী বিষয়া এগৰাকীয়ে উল্লেখ কৰে যে, 25 কিলোগ্ৰাম হেৰ’ইনসহ দুই ব্যৱসায়ী গ্ৰেপ্তাৰ হয় ৷ আনহাতে বিষয়াগৰাকীয়ে জব্দকৃত দ্ৰব্যখিনিৰ মূল্য প্ৰায় 100 কোটিৰো অধিক বুলি উল্লেখ কৰে ৷
হেৰ’ইনসহ দুই ব্যৱসায়ীক গ্ৰেপ্তাৰ কলকাতা আৰক্ষীৰ
নিচাযুক্ত দ্ৰব্যসহ দুজনক গ্ৰেপ্তাৰ কলকাতা আৰক্ষীৰ ৷ প্ৰায় 100 কোটি মূল্যৰ 25 কিলোগ্ৰাম হেৰ’ইনসহ দুই ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
উল্লেখ্য যে মঙলবাৰে উত্তৰ প্ৰদেশ আৰু মণিপুৰৰ দুই কুখ্যাত ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে দুইগৰাকী লোকৰ বিৰুদ্ধে এনডিপিএচ ধাৰা অনুসৰি গোচৰ ৰুজু কৰা হয় ৷ বৰ্তমান এই এই সম্পৰ্কে অনুসন্ধান চলাই থকা হৈছে ৷ আনহাতে আৰক্ষী বিষয়া গৰাকীয়ে উল্লেখ কৰে যে এই বৃহৎ নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় কেৱল কলকাতাই নহয় পশ্চিমবংগৰ বিভিন্ন ঠাইৰ উপৰিও উত্তৰ-পূৱটো এই অবৈধ বেহা চলি আছে ৷
আৰু পঢ়কঃৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীক ‘বিকৃত ডিজাইন’ আখ্যা প্ৰকাশ আম্বেদকাৰৰ