কোকৰাঝাৰ, 17 আগষ্ট :এক সফল অভিযানৰ অন্তত বড়োভূমিৰ ৰাজধানী কোকৰাঝাৰত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমানৰ অস্ত্ৰভাণ্ডাৰ ৷ জিলাখনৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ নেতৃত্বত 16 আগষ্টৰ নিশা চলিছিল এই অভিযান, যি অভিযানৰ অন্তত আৰক্ষীয়ে জব্দ কৰে এমএমজিকে ধৰি বহুটো অস্ত্ৰ তথা বৃহৎ শস্ত্ৰ ভাণ্ডাৰ ৷
আৰক্ষীয়ে লাভ কৰা বিশেষ তথ্যৰ ভিত্তিত 16 আগষ্টৰ নিশা চলোৱা হৈছিল এই অভিযান ৷ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ নেতৃত্বত জিলাখনৰ দুটাকৈ স্থানত চলোৱা হৈছিল অস্ত্ৰবিৰোধী অভিযান ৷
জব্দ এমএমজিকে ধৰি বৃহৎ অস্ত্ৰভাণ্ডাৰ জিলাখনৰ গোসাইগাঁও আৰক্ষী থানাৰ অধীনস্থ তথা পশ্চিমবংগৰ সীমান্তৱৰ্তী চৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত কাটিবিল জংঘল আৰু চেৰফাংগুৰি আৰক্ষী থানাৰ অধীনস্থ বেলগুৰিত এই অভিযান চলায় কোকৰাঝাৰ আৰক্ষীয়ে ৷
অভিযানৰ অন্তত আৰক্ষীৰ দলটোৱে এটা এমএমজি, চাৰিটা মেগজিনৰ লগতে 145 জাঁই গুলিসহ 2টা একে 47, পাঁচটা মেগজিনৰ লগতে 6 জাঁই গুলিসহ তিনিটা 7.6 এমএম পিষ্টল, এটা মেগজিনৰ লগতে 23 জাঁই গুলিসহ এটা ইনছাচ ৰাইফল, পইন্ট 22ৰ পাঁচ জাই গুলিসহ এটা মেগজিনৰ সৈতে এটা চাইনিজ কাৰ্বাইন, এটা 36 হেণ্ড গ্ৰেণেড, এডাল এমএমজি অম্মো চেইন, চাৰিটা মেগজিনৰ লগতে 99 জাঁই সজীৱ গুলিসহ 3টা একে 56 আৰু এটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰে ৷
উদ্ধাৰ হোৱা অস্ত্ৰভাণ্ডাৰৰ সৈতে আৰক্ষী অধীক্ষক কোকৰাঝাৰ জিলা আৰক্ষী অধিক্ষক ৰাকেশ ৰৌশনে এক সংবাদমেলযোগে অসম আৰক্ষীৰ বৃহৎ সফলতা দাবী কৰি বিগত কেইমাহমান পূৰ্বে বগৰীবাৰীতো বৃহৎ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰাৰ কথা সদৰী কৰে ৷
তৃতীয় বড়ো শান্তি চুক্তি বিটিআৰ জড়িয়তে একালৰ বিদ্ৰোহী সংগঠন এনডিএফয়ে ইতিমধ্যেই চৰকাৰক সংগঠনটোৰ হাতত মজুত থকা অস্ত্ৰভাণ্ডাৰ জমা কৰিছিল ৷ এনে অৱস্থাত বিটিচি নিৰ্বাচনৰ পূৰ্বে বড়োভূমিৰ পৰা পুনৰ এইদৰে বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাই বড়োভূমিত পুনৰ বিদ্ৰোহী সংগঠন জন্ম হোৱাৰ অশনি ইংগিতকে বহন কৰিছে বুলি বহুতেই শংকাবোধ কৰিছে ৷ বিটিএডিৰ চাৰিখন জিলা কোকৰাঝাৰ,চিৰাং,বাক্সা আৰু ওদালগুৰিত ঠায়ে ঠায়ে তৃতীয় শান্তি চুক্তিৰ পিছতো বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰি আহিছে আৰক্ষীয়ে ৷
কোকৰাঝাৰ আৰক্ষীৰ অভিযানত জব্দ এমএমজিকে ধৰি বৃহৎ অস্ত্ৰভাণ্ডাৰ লগতে পঢ়কঃঅৱশেষত নিৰ্বাপনৰ দিশে বাঘজানৰ জুই