জনিয়া, ১১মে: বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মুৱামাৰী গাঁৱত ৭০ বছৰীয়া লম্পট বৃদ্ধৰ কামনাৰ বলি হ'ল ৫ বছৰীয়া এটি শিশু। বৃদ্ধ লম্পটটো মুৱামাৰী গাঁৱৰ ওৱাজেদ আলী । বৃহস্পতিবাৰে দিনৰ প্ৰায় ৩ বজাত ঘৰত কোনো নথকাৰ সুযোগ লৈ শিশুটিয়ে খেলি থকা অৱস্থাতে এই অপকৰ্ম সংঘটিত কৰে লম্পটটোৱে । উল্লেখ্য যে, ঘটনাক লৈ শুকুৰবাৰে নিশা হোৱা সামাজিক মেলত দোষী বুলি স্বীকাৰোক্তি দিয়ে ওৱাজেদ আলীয়ে ।
কলগাছিয়াত ৭০ বছৰীয়া ধৰ্ষণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু - আমছু
কলগাছিয়াত ৫ বছৰীয়া কন্যা শিশুক ধর্ষণ ৭০ বছৰীয়া বৃদ্ধৰ । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমছুৰ সহযোগত কলগাছিয়া আৰক্ষী থানাত গোচৰ ৰুজু শিশুটিৰ মাতৃৰ
কলগাছিয়াত ৭০ বছৰীয়া ধৰ্ষণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু
কিন্তু সামাজিক মেলৰ বিচাৰত সন্তুষ্ট নোহোৱাত শনিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমছুৰ সহযোগত কলগাছিয়া আৰক্ষী থানাত শিশুটিৰ মাতৃয়ে এক গোচৰ ৰুজু কৰে। লগতে আৰক্ষীয়ে যদি ১২ ঘণ্টাৰ ভিতৰত লম্পট ওৱাজেদ আলীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলিও ভাবুকি দিয়ে ছাত্ৰ মুক্তি আৰু আমছুৰ নেতা সকলে ৷