অসম

assam

অভয়াপুৰী মহাবিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰক চুৰিৰে আক্ৰমণ দুৰ্বৃত্তৰ

By

Published : Sep 7, 2019, 11:43 PM IST

অভয়াপুৰী মহাবিদ্যালয়ৰ নবাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰক চুৰিৰে আক্ৰমণ দুৰ্বৃত্তৰ ৷ দুৰ্বৃত্তৰ চুৰিকাঘাটত আহত মহাবিদ্যালয়খনৰেই চাৰিগৰাকী ছাত্ৰ ৷ অংকুৰ ৰায় নামৰ ছাত্ৰজনক সংকটজনক অৱস্থাত আসাম হস্পিতাললৈ প্ৰেৰণ ৷ অভয়াপুৰী সমূহীয়া স্বাস্থ্যকেন্দ্ৰত চিকিৎসাধীন আন তিনিগৰাকী ছাত্ৰ ৷

knife attack on abhayapuri college's students

অভয়াপুৰী, 7 চেপ্তেম্বৰ: শনিবাৰে অভয়াপুৰী মহাবিদ্যালয়ৰ নবাগত আদৰনী সভাৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজতে অঘটন ৷ ছাত্ৰক চুৰিৰে আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ ৷ সাংস্কৃতিক অনুষ্ঠানৰ মাজতেই দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় মহাবিদ্যালয়খনৰেই চাৰিগৰাকী ছাত্ৰ ক্ৰমে অংকুৰ ৰায়,পল্লবজ্যোতি ৰায়, শুভাংকৰ ৰায় আৰু প্ৰণৱ কৰ্মকাৰ । ঘটনা সংঘটিত কৰিয়েই পলায়ন দুৰ্বৃত্তৰ দলটো ৷ চুৰিকাঘাটত আহত অংকুৰ ৰায়ক সংকটজনক অৱস্থাত আসাম হস্পিতাললৈ প্ৰেৰণ কৰাৰ লগতে আন তিনিগৰাকী ছাত্ৰ অভয়াপুৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ৷ সমগ্ৰ ঘটনা বৰ্তমান ৰহস্যৰ আৱৰ্তত৷

অভয়াপুৰী মহাবিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰক চুৰিৰে আক্ৰমণ দুৰ্বৃত্তৰ

ইফালে, দোষীক শাস্তিৰ দাবীত অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰসকলে পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষী বিষয়াসকলে ৷

ABOUT THE AUTHOR

...view details