অসম

assam

১৩ দিনৰ পাচত উদ্ধাৰ কাৰ্বি আংলঙৰ অপহৃত ব্যৱসায়ী বিজয় আগৰৱালা

By

Published : Sep 26, 2019, 12:57 PM IST

কাৰ্বি আংলং জিলা আৰক্ষীৰ বৃহৎ সাফল্য ! ডকমকাৰ পৰা অপহৰণ কৰি নিয়া ব্যৱসায়ী বিজয় আগৰৱালাক হাওৰাঘাটৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ লগতে অভিযান কাৰী আৰক্ষীৰ দলটোৱে উক্ত অপহৰণত ব্যৱহৃত মটৰ চাইকেলখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

১৩ দিনৰ পাচত উদ্ধাৰ কাৰ্বি আংলঙৰ অপহৃত বিজয় আগৰৱালা

ডিফু,২৬ ছেপ্টেম্বৰঃ অৱশেষত সম্পূৰ্ণ ১৩ দিন অপহৰণকাৰীৰ কবলত থকাৰ পিছত বৃহস্পতিবাৰে সুস্থ শৰীৰে উদ্ধাৰ হ'ল ১৩ ছেপ্টেম্বৰত ডকমকাৰ পৰা অপহৰণ কৰি নিয়া যুৱ ব্যৱসায়ী বিজয় আগৰৱালা ৷ উল্লেখ্য যে ১৩ ছেপ্টেম্বৰৰ সন্ধিয়া যুৱ ব্যৱসায়ী বিজয় আগৰৱালাই নিজৰ ডকমকা নগৰত থকা হাৰ্ডৱেৰ দোকানখন বন্ধ কৰাৰ মূহুৰ্ততে 3 অচিনাক্ত দুৰ্বৃত্তই মটৰ চাইকেলেৰে আহি অপহৰণ কৰিছিল ৷ অপহৰণৰ বাতৰি বিয়পি পৰাৰ লগে লগে চাৰিওফালে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছিল যদিও কোনো উগ্ৰপন্থী সংগঠনে উক্ত অপহৰণৰ দায়িত্ব স্বীকাৰ কৰা নাছিল ৷ তাৰ পাচতেই অপহৃত বিজয় আগৰৱালাক উদ্ধাৰ কৰাৰ বাবে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে নাগালেণ্ড,হোজাই আৰু কাৰ্বি আংলঙৰ দুৰ্গম এলেকাত নিৰাপত্তাৰক্ষীৰ দলে অভিযান চলাইছিল ৷

১৩ দিনৰ পাচত উদ্ধাৰ কাৰ্বি আংলঙৰ অপহৃত বিজয় আগৰৱালা
অৱশেষত বৃহস্পতিবাৰে পুৱতি নিশা অসম আৰক্ষীৰ দলে এক যুটীয়া অভিযান চলাই কাৰ্বি আংলঙৰ হাওৰাঘাট নগৰৰ এটা ঘৰৰ পৰা অপহৃত বিজয় আগৰৱালাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অপহৃত বিজয় আগৰৱালাক লগে লগে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত চিকিৎসকে তেওঁক কিছু দুৰ্বল বুলি কয় যদিও সুস্থ অৱস্থাত আছে বুলি আৰক্ষীৰ শীৰ্ষ সূত্ৰই সংবাদ মাধ্যমক অৱগত কৰে ৷ ইপিনে অভিযানকাৰী দলটোৱে উক্ত অপহৰণত ব্যৱহৃত মটৰ চাইকেলখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন অপহৰণকাৰী আটাইকেইজন কাৰ্বি আংলঙৰ হাওৰাঘাটৰ ক্ৰমে তপণ টেৰণ,সঞ্জয় গোৱালা আৰু জনক বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে ৷ এই সন্দৰ্ভত অপহৰণকাৰী সকলক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details