কৰিমগঞ্জ,2 মেঃ কৰিমগঞ্জত সুমন নমোশুদ্ৰ নামৰ যুৱকক ডিঙি চেপি হত্যা কৰাৰ ঘটনাই অতিক্ৰম কৰিলে 12 দিন ৷ 12 দিনৰ পিচতো আক্ৰমণকাৰীক কৰায়ত্ব নকৰাৰ অভিযোগ পৰিয়ালৰ ৷ দুৰ্বৃত্তৰ দলক আৰক্ষীয়ে কৰায়ত্ব নকৰাত স্থানীয় ৰাইজৰ লগতে বিজেপিৰ তিনি নেতাই জিলা আৰক্ষী প্ৰধান মানবেন্দ্ৰ দেৱ ৰয়ক এখন স্মাৰক পত্ৰৰ যোগেদি আক্ৰমণকাৰী ছেলিম উদ্দিন আৰু মস্তাক উদ্দিনক শীঘ্ৰেই আটক কৰিবলৈ দাবী কৰে ৷
কৰিমগঞ্জত এতিয়াও মুক্ত আকাশৰ তলত অভিযুক্ত - মস্তাক উদ্দিন
জিলা আৰক্ষী প্ৰধান মানবেন্দ্ৰ দেৱ ৰয়ক এখন স্মাৰক পত্ৰৰ যোগেদি আক্ৰমণকাৰী ছেলিম উদ্দিন আৰু মস্তাক উদ্দিনক শীঘ্ৰেই আটক কৰিবলৈ দাবী পৰিয়াল তথা স্থানীয়লোকৰ

কৰিমগঞ্জত এতিয়াও মুক্ত আকাশৰ তলত হত্যাৰ চেষ্টাকাৰী
কৰিমগঞ্জত এতিয়াও মুক্ত আকাশৰ তলত হত্যাৰ চেষ্টাকাৰী
আৰু পঢ়কঃ 72 ঘন্টাৰ বাবে প্ৰজ্ঞা সিং ঠাকুৰলৈ নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞা জাৰি
উল্লেখ্য যে, 18 এপ্ৰিলত প্ৰথম ভোট দিবলৈ গৈছিল সুমন নমোশুদ্ৰ নামৰ যুৱকজন ৷ দুৰ্বৃত্তকেইটাই যি দলত ভোট দিবলৈ কৈছিল সেই দলত ভোট দিয়া নাছিল সুমনে ৷ ইয়াৰ বাবেই সুমনৰ ডিঙিত ৰচি বান্ধি হত্যাৰ চেষ্টা কৰে দলটোৱে ৷ ঘটনাই সম্পূৰ্ণ 12 দিন অতিক্ৰম কৰাৰ পিচতো দোষী ছেলিম উদ্দিন আৰু মস্তাক উদ্দিনক কৰায়ত্ত নকৰাক ৰাজনৈতিক ষড়যন্ত্ৰৰ সন্দেহ পৰিয়ালৰ ৷