গুৱাহাটী, 19 ফেব্ৰুৱাৰী :কামাখ্যা ধামৰ প্ৰায় 8 কোটিটকীয়া বিত্তীয় কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে চিআইডিয়ে ৷ 2015 চনত দলৈ সমাজে মন্দিৰ পৰিচালনাৰ দায়িত্ব লোৱাৰ পিচতেই উন্মোচিত হৈছিল ধন হৰলুকি হোৱাৰ তথ্য ৷ দুটাকৈ বেংক একাউন্টত থকা প্ৰায় 8 কোটি টকাৰ কোনোধৰণৰ হিচাপ নাছিল ৷
ৰিজু শৰ্মাৰ বাসগৃহত চিআইডিৰ অভিযান যাৰ বাবেই দলৈ সমাজে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৷ শেহতীয়াকৈ উচ্চ ন্যায়ালয়ে যোৱা কিছুদিন পূৰ্বে উক্ত গোচৰ সন্দৰ্ভত তিনি মাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে চিআইডিক ৷
উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিচতেই এতিয়া তৎপৰ হৈ উঠিছে ৰাজ্যৰ অপৰাধ অনুসন্ধান শাখা ৷ বুধবাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এই কেলেংকাৰীত নাম সাঙোৰ খাই পৰা ৰিজু শৰ্মাৰ কামাখ্যাস্থিত বাসগৃহত কেইবা ঘন্টা ধৰি তালাচী অভিযান চলায় ৷
ঘন্টাধৰি ৰিজু শৰ্মাৰ বাসগৃহত চিআইডিৰ তালাচী অভিযানৰ বিষয়ে আগতীয়াকৈ গম পাই বাসগৃহৰ পৰা পলায়ন কৰে ৰিজু শৰ্মাই ৷ অভিযানৰ কালচোৱাত চিআইডিয়ে বহুটো গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ৷