অসম

assam

ETV Bharat / jagte-raho

বৰপেটাৰ ভুৱা চিকিৎসকৰ দপদপনিঃ আটক দুই মহিলা দালাল - Kalgachia Lady Dalal Arrest

বৰপেটা অসামৰিক চিকিৎসালয়ত 2 মহিলা দালাল আটক । দীৰ্ঘদিন ধৰি চিকিৎসালয়ৰ পৰা নানা প্ৰলোভন দেখুৱাই ৰোগীক ভুৱা ডাক্তৰৰ কাষলৈ লৈ যোৱাৰ অভিযোগ মহিলা দুগৰাকীৰ বিৰুদ্ধে ।

বৰপেটা অসামৰিক চিকিৎসালয়ত 2 মহিলা দালাল আটক

By

Published : Oct 11, 2019, 9:37 PM IST

জনীয়া,11অক্টোবৰঃ কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত 2 মহিলা দালাল আটক । ৰোগীক দীৰ্ঘদিন ধৰি চিকিৎসালয়ৰ পৰা নানা প্ৰলোভন দেখুৱাই ভুৱা ডাক্তৰৰ কাষলৈ লৈ যোৱাৰ অভিযোগ মহিলা দুগৰাকীৰ বিৰুদ্ধে । ইপিনে ভুৱা ডাক্তৰৰ পৰা ৰোগী যোগান ধৰাৰ নামত মহিলা দুগৰাকীয়ে সংগ্ৰহ কৰি আহিছে ধন। শুকুৰবাৰে চিকিৎসালয়খনত এই 2 মহিলা দালালক আটক কৰি গতাই দিয়ে কলগাছিয়া আৰক্ষীক । ইতিমধ্যে ভুৱা ডাক্তৰৰ চিকিৎসা গ্ৰহণ কৰি বহু সাধাৰণ ৰোগীৰ ৰোগে জটিল ৰূপ ধাৰণ কৰিছে ।

বৰপেটা অসামৰিক চিকিৎসালয়ত 2 মহিলা দালাল আটক

উল্লেখ্য যে দীৰ্ঘদিন ধৰি কলগাছিয়াত চলি আহিছে ভুৱা চিকিৎসকৰ দপদপনি। 300 টকাৰ মাচুল লৈ সাধাৰণ ৰোগীৰ পৰা ভুৱা ডাক্তৰে লুটি আহিছে লাখ লাখ টকা । যাৰ বাবে বিভাগীয় কতৃপক্ষক এনে ভুৱা ডাক্তৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে আহ্বান জনাইছে ।

ABOUT THE AUTHOR

...view details