অসম

assam

ETV Bharat / jagte-raho

সাংবাদিক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে ভইছ অৱ অসমৰ অপপ্ৰচাৰ

সামাজিক মাধ্যমত সাংবাদিক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে অপপ্ৰচাৰ, হাতীগাঁও থানাত এজাহাৰ ৷

সাংবাদিক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে ভইছ অৱ অসমৰ অপপ্ৰচাৰ
সাংবাদিক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে ভইছ অৱ অসমৰ অপপ্ৰচাৰ

By

Published : Sep 25, 2020, 2:09 AM IST

গুৱাহাটী, 24 ছেপ্টেম্বৰ :‘ভইছ অৱ অসম’ (Voice of Assam) নামৰ এটা টুইটাৰ একাউণ্টৰ বিৰুদ্ধে মহানগৰীৰ হাতীগাঁও থানাত এজাহাৰ দাখিল । সাংবাদিক তথা লেখক জিয়াউৰ ৰহমানে দাখিল কৰিছে এই এজাহাৰ । VOICE OF ASSAM এ কৰা বিতৰ্কিত টুইটটো.....

ঘটনা অনুসৰি যোৱা 22 ছেপ্টেম্বৰ তাৰিখে এই টুইটাৰৰ একাউণ্টৰ পৰা এটা অপমানসূচক পোষ্ট কৰিছিল ৷ পোষ্টটোত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ শেহতীয়া হোজাই ভ্ৰমণৰ ওপৰত সম্প্ৰচাৰিত এটা বাতৰিৰ প্ৰসংগত সাংবাদিক জিয়াউৰ ৰহমানক ডুবাই-বাংলাদেশৰ সৈতে সম্পৰ্ক থকা ব্যক্তি বুলি প্ৰকাশ কৰা হয় ।

সাংবাদিক জিয়াউৰ ৰহমানে দাখিল কৰা এজাহাৰ

সাংবাদিক ৰহমানৰ অভিযোগ তেওঁক সামাজিকভাৱে বিচ্ছিন্ন কৰাৰ লগতে তেওঁৰ প্ৰতি সন্দেহ প্ৰচাৰ কৰি মানসিক আৰু শাৰিৰীক উভয় প্ৰকাৰে ক্ষতি কৰিব বিচাৰিছে এটা দুষ্ট চক্ৰই ৷ এই ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সাংবাদিক তথা লেখক জিয়াউৰ ৰহমানে ।

সাংবাদিক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে ভইছ অৱ অসমৰ অপপ্ৰচাৰ

ইফালে সাংবাদিকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, "এই ভুৱা টুইটাৰ হেণ্ডেলটো গুৱাহাটীৰ ফাঁচী বজাৰত থকা চৌহান উপাধিৰ এজন ব্যক্তিৰ । যাৰ অসমৰ সমাজ-সাংস্কৃতিক ঐতিহ্যৰ ওপৰত পৰ্যাপ্ত কোনো ধাৰণা নাই । 29 হাজাৰতকৈ অধিক ‘অনুগামী’ থকা উক্ত হেণ্ডেলটোৰ জৰিয়তে এই লোকজনে অহৰহ সাম্প্ৰদায়িক তথা বিভাজনমুখী কথা প্ৰচাৰ কৰি থাকে ৷" এই ক্ষেত্ৰত আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জিয়াউৰ ৰহমানে ।

লগতে পঢ়ক :প্ৰশাসনিক বিষয়াৰ দুৰ্নীতিৰ ক্লিপ ভাইৰেল, শিলাদিত্যৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details