অসম

assam

ETV Bharat / jagte-raho

দেশত প্ৰথম : কৃত্ৰিম উপগ্ৰহৰ সহায়েৰে ধৰা পেলালে চুৰিকাণ্ড - কৃত্ৰিম উপগ্ৰহ

গাজিয়াবাদত সংঘটিত প্ৰায় 15 কোটি টকাৰ এক কৰ ফাঁকিৰ ঘটনা পোহৰলৈ আহিল কৃত্ৰিম উপগ্ৰহৰ তথ্যৰ জৰিয়তে । তিনিবছৰৰ পূৰ্বে ব্যৱসায়ত ব্যৱহৃত ভূমি পঞ্জীয়ন কৰাইছিল কৃষি ভূমি হিচাপে । দেশত প্ৰথম বাৰৰ বাবে কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে পোহৰলৈ আহিল এই কৰ ফাঁকিৰ ঘটনা ।

Satellite

By

Published : Apr 4, 2019, 12:37 PM IST

গাজিয়াবাদ , 04 এপ্ৰিল : অপৰাধীক ধৰা পেলাবলৈ নতুন উপায় । এতিয়া চোৰৰ ওপৰত থাকিব কৃত্ৰিম উপগ্ৰহৰ তীক্ষ্ণদৃষ্টি । আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে শলঠেকত অপৰাধী ।তথ্য অনুসৰি, গাজিয়াবাদৰ মোটী নগৰত এজন সম্পত্তিৰ ব্যৱসায়ীয়ে 3 বছৰৰ পূৰ্বে ব্যৱসায়ৰ বাবে ব্যৱহৃত ভূমি কৃষিভূমি হিচাপে পঞ্জীয়ন কৰাইছিল । ব্যৱসায়ীজনে ব্যৱসায়ীক কাৰণত ব্যৱহৃত ভূমি কৃষিভূমি হিচাপে পঞ্জীয়ন কৰি প্ৰায় 15 কোটি টকাৰ কৰ ফাঁকি দি আহিছিল । আয়কৰ বিভাগে 2018 চনতে এই কৰ ফাঁকিৰ তথ্য লাভ কৰিছিল যদিও অনুসন্ধানত প্ৰকৃত তথ্য পোহৰলৈ অহা নাছিল । আয়কৰ বিভাগে লাভ কৰা তথ্য অনুসৰি মোটী নগৰৰ জালালাবাদত 30 লাখ টকাত ভূমিখিনি পঞ্জীয়ন কৰোৱা হৈছিল । অনুসন্ধানত প্ৰকৃত তথ্য পোহৰলৈ নহাত আয়কৰ বিভাগে এই সমগ্ৰ ঘটনাটোৰ অনুসন্ধানৰ দায়িত্ব হায়দৰাবাদৰ এক এজেন্সীক অৰ্পণকৰিছিল । এজেন্সীটোৱে কৃত্ৰিম উপগ্ৰহৰ সহায়েৰে 3 বছৰৰ পূৰ্বৰ ভূমিখিনিৰ তথ্য ,তথা বৰ্তমানৰ তথ্যৰ তুলনা কৰি সেই ভূমিত ব্যৱসায়িক প্ৰতিষ্ঠানথকাৰ বিষয়ে প্ৰকাশ কৰে । প্ৰকৃত তথ্য পোহৰলৈ অহাৰ পাচতে ব্যৱসায়িক প্ৰতিস্থানটোৱে কৰ ফাঁকিৰ গোচৰত 90 শতাংশ জৰিমনাভৰিব লাগিব বুলি প্ৰকাশ কৰিছে আয়কৰ বিভাগে ।

কৃত্ৰিম উপগ্ৰহৰ সহায়েৰে ধৰা পেলালে চুৰিকাণ্ড

কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত স্থানীয় কৰ বিভাগৰ কৰ্মচাৰীও সন্দেহৰ আওতালৈ আহিছে । কিয়নো কৃত্ৰিম উপগ্ৰহৰ তথ্য অনুসৰি আয়কৰ বিভাগৰ অনুসন্ধানৰ সময়তো উক্ত ভূমিত ব্যৱসায়িক কমপ্লেক্স নিৰ্মাণ হৈছিল কিন্তু ইয়াক কৃষি ভূমি হিচাপেহে তথ্যত অন্তৰ্ভুক্ত কৰা হৈছিল । এনেধৰণেৰে কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে কৰ ফাঁকিৰ তথ্য পোহৰলৈ অহা ঘটনা দেশত এয়াই প্ৰথম।

ABOUT THE AUTHOR

...view details