অসম

assam

ETV Bharat / jagte-raho

বিহাৰত চাইবাৰ অপৰাধীৰ ভয়াৱহ জাল - ভাৰতীয় ষ্টেট বেংক

বিহাৰত বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা ৷ দেওবাৰে এখন জিলাত গোচৰ হৈছে দুটাকৈ গোচৰ ৷ বেংকৰ পৰা অজ্ঞাত লোকে বৃহৎ পৰিমানৰ টকা হৰলুকি কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু ৷

increasing cybercrime thousands of rupees siphoned off from 2 accts in bihar
বিহাৰত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা !

By

Published : Dec 27, 2020, 5:34 PM IST

নিউজ ডেস্ক, 27 ডিচেম্বৰ : বিহাৰত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা ৷ দেওবাৰে বিহাৰৰ বাংকা জিলাত পুনৰ পঞ্জীয়ন হৈছে দুটা অপৰাধমূলক গোচৰ ৷ পঞ্জীয়ন হোৱা গোচৰৰ প্ৰথমটো ডমহোন পঞ্চায়তৰ অন্তৰ্গত ৰানিবান্ধ গাঁৱৰ গৌৰ মোহন যাদৱ নামৰ লোকজনৰ ৷ দ্বিতীয়টো গোচৰ একোটা পঞ্চায়তৰে কৈকুৰা গাঁৱৰ কমলেশ যাদৱ নামৰ লোকজনৰ ৷

অনলাইন প্ৰৱঞ্চকৰ জালত পৰিলে আপোনাৰ কৰিবলগীয়া কাম

প্ৰথমটো গোচৰঃগৌৰ মোহন যাদৱ নামৰ লোকজনে কাটৰিয়া আৰক্ষী থানাত পঞ্জীয়ন কৰা গোচৰ অনুসৰি, তেওঁৰ বেংকৰ একাউন্টৰ পৰা কোনোবা অজ্ঞাত লোকে 1 লাখ 70 হাজাৰ টকা হৰলুকি কৰিছে ৷

অনলাইন প্ৰৱঞ্চকৰ জালত পৰিলে আপোনাৰ কৰিবলগীয়া কাম

অভিযোগ অনুসৰি, ব্যক্তিজনক প্ৰধানমন্ত্ৰী কিষান সন্মান নিধিৰ নামত প্ৰতিমাহে 2 হাজাৰ টকা দিয়াৰ প্ৰলোভনৰে বেংকৰ পাছবুক আৰু এ টি এম কাৰ্ডৰ সকলো তথ্য বিচাৰিছিল ৷ গৌৰ মোহন যাদৱ নামৰ লোকজনেও প্ৰতিমাহে 2 হাজাৰ টকা লাভ কৰাৰ বাবে ব্যক্তিজনক সকলো তথ্য প্ৰদান কৰিছিল আৰু সেই তথ্যৰ ভিত্তিতে ব্যক্তিজনৰ একাউন্টৰ পৰা 1 লাখ 70 হাজাৰ টকা হৰলুকি কৰিছে ৷ পৰৱৰ্তী সময়ত গৌৰ মোহন যাদৱে কাটিৰিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ আহ্বান জনাইছে ৷

অনলাইন প্ৰৱঞ্চকৰ জালত পৰিলে আপোনাৰ কৰিবলগীয়া কাম

উক্ত ঘোচৰৰ পম খেদিয়ে বিশেষজ্ঞ সকলে দিয়া মন্তব্য অনুসৰি :

  • আপোনাৰ বেংকৰ তথ্য অজ্ঞাত লোকৰ আগত প্ৰকাশ নকৰিব ৷
  • চ'চিয়েল মিডিয়াৰ পৰা কোনো ধৰণৰ অ-কৰ্তৃত্বশীল এপছ ডাউনলোড নকৰিব ৷
  • আপুনি যিকোনো এপছ ডাউনলোড কৰাৰ সময়ত এপছটোৰ চৰ্ত আৰু নীতি-নিয়ম ভালদৰে পঢ়ি লব ৷
  • অজ্ঞাত নম্বৰৰ পৰা আপোনালৈ ফোন আহিলে আপুনি কোনো তথ্য প্ৰকাশ নকৰিব
  • চ'চিয়েল মিডিয়াৰ পৰা আপুনি সন্দেহজনক লোকৰ সৈতে বন্ধুত্ব স্থাপন কৰাত সাবধান হ'ব ৷

দ্বিতীয় গোচৰঃকাটৰিয়া আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সুনীল কুমাৰ নামৰ লোকজনৰ সৈতে সংঘটিত হৈছে ৷ ব্যক্তিজনৰ একাউন্টৰ পৰা 63 হাজাৰ 798 টকা হৰলুকি কৰিছে কোনোবা অজ্ঞাত লোকে ৷

অজ্ঞাত লোকজনে ভাৰতীয় ষ্টেট বেংকৰ শীৰ্ষ বিষয়া হোৱাৰ দোহাই দি সুনীল কুমাৰৰ পৰা বেংকৰ সকলো তথ্য বিচাৰিছিল ৷ বেংকৰ তথ্য লাভ কৰাৰ পিচত লোকজনে অনলাইন শ্বপিং আৰম্ভ কৰিছিল আৰু সুনীল কুমাৰৰ পৰা চাৰিবাৰকৈ OTP বিচাৰিছিল ৷ পৰৱৰ্তী সময়ত সুনীল কুমাৰৰ সন্দেহ জন্মাত ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ পঞ্জীভূত কৰিছিল ৷

উল্লেখ্য যে, বৰ্তমান নগদ বিহীন অৰ্থনীতিৰ সময়ত এনেকুনা ধৰণৰ অপৰাধমূলক ঘটনাৰ পৰা নিজকে বচাই ৰখাটো বৰ্তমান অতি জৰুৰী হৈ পৰিছে ৷

লগতে পঢ়ক :গৃহমন্ত্ৰী অমিত শ্বাহৰে ৰুদ্ধদ্বাৰ বৈঠক অজন্তা নেওগ-ৰাজদ্বীপ গোৱালাৰ

ABOUT THE AUTHOR

...view details