গুৱাহাটী, 22 ডিচেম্বৰ : মঙলবাৰে মহানগৰীৰ বিভিন্ন স্থানত আয়কৰ বিভাগে চলায় অভিযান ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠিকা সম্পৰ্কীয় এক অভিযোগত এইদৰে অভিযান চলাই বিভাগে ৷ মহানগৰীৰ উষা কোৰ্ট, জু-ৰোড, গনেশগুৰিত চলে এই অভিযান ৷ উষা কোৰ্টৰ ৩নং মহলাত চলি আছে এই অভিযান ৷ কেৱল উষা কোৰ্টতেই নহয় জু-ৰোডৰ আইভৰি এপাৰ্টমেন্টটো চলিছে এই অভিযান । বিভিন্ন নথি-পত্ৰও পৰীক্ষা কৰিছে বিভাগে ৷ প্ৰাক্তন আলফা নেতা যুগল কিশোৰ মহন্তৰ কাৰ্যালয়ত আয়কৰ বিভাগে চলাইছে অভিযান ৷ জু ৰোডত থকা JKM INFRA WORKS LLP নামৰ প্ৰতিষ্ঠানটোত পৰিছে আয়কৰ বিভাগৰ হাতোৰা ৷
গুৱাহাটীৰ বিভিন্ন ঠাইত আয়কৰ বিভাগৰ অভিযান - Income tax dept raid in BK tower
মঙলবাৰে গুৱাহাটীৰ বিভিন্ন স্থানত আয়কৰ বিভাগে চলায় অভিযান ৷
গুৱাহাটীৰ বিভিন্ন ঠাইত আয়কৰ বিভাগৰ অভিযান
ইয়াৰ উপৰি ছালফা নেতা যুগল কিশোৰ মহন্তৰ ঘৰতো চলিছে আয়কৰ বিভাগৰ অভিযান ৷ ৰাতিপুৱা ৭বজাৰ পৰা চলি আছে এই অভিযান ৷ মহন্তৰ মহানগৰীৰ বিভিন্ন সম্পত্তিত চলি আছে এই অভিযান ৷ আনহাতে ৰাজ্যৰ আগশাৰীৰ ঠিকাদাৰ ভাগ্য কলিতাৰ বাসগৃহৰ লগতে গনেশগুৰিস্থিত বি.কে টাৱাৰ আৰু কলিতাৰ সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানতে আয়কৰ বিভাগে অভিযান চলাইছে ৷ গনেশগুৰিৰ বিকে টাৱাৰৰ পঞ্চম মহলাত আছে ভাগ্য কলিতাৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ কাৰ্যালয় ৷
লগতে পঢ়ক :ছিংগাপুৰে লাভ কৰিলে ফাইজাৰ প্ৰতিষেধকৰ প্ৰথমলানি চিটা
TAGGED:
ছালফা নেতা যুগল কিশোৰ মহন্ত