বিলাসীপাৰা, 18 জানুৱাৰী : বিলাসীপাৰাত সক্ৰিয় চোৰাং কাঠৰ ব্যৱসায় ৷ অবৈধ ভ্ৰাম্যমান কাঠফলা কলত চোৰাং কাঠ ফালি চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ তেনে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে সোমবাৰে নিশা বন বিভাগৰ বিৰুদ্ধে অভিযান চলায় ৷
বিলাসীপাৰাত চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান - শালকোচা আঞ্চলিৰ বন বিষয়া
বিলাসীপাৰাত বন বিভাগৰ অভিযান ৷ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান বন বিভাগৰ ৷
বিলাসীপাৰাত চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান
শালকোচা আঞ্চলিৰ বন বিষয়া হৰিশ নাথৰ নেতৃত্বত যোৱা বন বিষয়া-কৰ্মীৰ অভিযানত গোৱালেৰ চৰ গাঁৱত জব্দ কৰে এটা অবৈধ কাঠফলা কল আৰু চোৰাং কাঠৰ কুণ্ডা ৷ অৱশ্যে অভিযানকাৰী দলৰ উপস্থিতিৰ উমান পাই পলাই যাবলৈ সক্ষম হয় চোৰাং কাঠ ব্যৱসায়ী ৷ পিচত জব্দকৃত চোৰাং কাঠৰ কুণ্ডা সমূহ আৰু অবৈধ কাঠফলা কলটো শালকোচা বন কাৰ্যালয়লৈ লৈ যায় ৷
লগতে পঢ়ক :চাৰি বছৰৰ মূৰত হোৱাইট হাউছত প্ৰৱেশ কৰিব এটা কুকুৰে