অসম

assam

By

Published : Oct 3, 2020, 6:59 PM IST

ETV Bharat / jagte-raho

গোলাঘাটত অবৈধ সুৰা সহ 3 জনক আটক আৰক্ষীৰ

গোলাঘাট আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাই 3 জন অবৈধ সুৰা ব্যৱসায়ীৰ লগতে 20 কাৰ্টন অৰুণাচলী সুৰা আৰু আছাম এক্সাইজ লিখা হাজাৰখন লেবেল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

গোলাঘাটত অবৈধ সুৰা সহ 3 জনক আটক আৰক্ষীৰ
গোলাঘাটত অবৈধ সুৰা সহ 3 জনক আটক আৰক্ষীৰ

গোলাঘাট, 3 অক্টোবৰ : গোলাঘাটত অব্যাহত আছে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়। ইতিমধ্যে অৰুণাচলী সুৰাৰ বটলৰ ওপৰৰ লেবেল এৰুৱাই অসমৰ লেবেল লগাই সুৰাৰ নতুন ফেক্টৰী গঢ়ি তোলাৰ অভিযোগ উঠিছে । ইতিমধ্যে এই অবৈধ সুৰা ব্যৱসায়ৰ লগত জড়িত গোলাঘাট আৰক্ষীয়ে এজন শিক্ষকৰ পুত্ৰ আৰু এজন ছাত্ৰ সন্থাৰ নেতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

গোলাঘাটত অবৈধ সুৰা সহ 3 জনক আটক আৰক্ষীৰ

উল্লেখযোগ্য যে, গোলাঘাটৰ ভদ্ৰতাৰ মুখা পিন্ধা তিনিজন যুৱকে চিনাতলীৰ শেনছোৱাত গঢ়ি তুলিছে অবৈধ সুৰাৰ কাৰখানা। এই সুৰা কাৰখানাত অৰুণাচলী সুৰা বটলত আৰি থোৱা লেবেল আঁতৰাই সুৰাৰ বটলৰ ওপৰত অসমৰ বৈধ লেবেল আৰি অবৈধ সুৰা ব্যৱসায় কৰি যোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে । এই অবৈধ কাৰ্য ছাত্ৰ সন্থাৰ সদস্য আৰু এজন শিক্ষকৰ পুত্ৰই চলাই যোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে ।

আনহাতে, গোলাঘাট আৰক্ষীয়ে নিশা অভিযান চলাই 20 কাৰ্টন অৰুণাচলী সুৰা আৰু আছাম এক্সাইজ লিখা হাজাৰখন লেবেল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

গোলাঘাটত অবৈধ সুৰা সহ 3 জনক আটক আৰক্ষীৰ

উল্লেখ্য যে, গোলাঘাট জিলাৰ দ্বিতীয় শেনছোৱাৰ বৰুৱা উপাধি নামৰ শিক্ষক এজনৰ পুত্ৰ প্ৰিন্স পৰিক্ষিত বৰুৱা, গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সঞ্জীৱ কলিতা আৰু মেৰাপানীৰ বিমান গগৈ নামৰ যুৱক কেইজনে অৰুণাচলী সুৰা ক্ৰয় কৰি প্ৰিন্স পৰিক্ষিত বৰুৱাৰ ঘৰলৈ লৈ আহে । আৰু তাতেই অৰুণাচলী সুৰাৰ লেবেল এৰুৱাই অসম এক্সাইজৰ লেবেল লগাই নিশাৰ ভিতৰতে অবৈধ সুৰা ব্যৱসায় কৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

ইফালে আৰক্ষীয়ে তিনি সুৰা ব্যৱসায়ী যুৱকৰ লগতে 20 কাৰ্টন সুৰা, হাজাৰোধিক অসম এক্সাইজৰ লেবেল, সুৰা কঢ়িওৱা AS01LC_4789 নম্বৰৰ এখন এলট’ গাড়ী জব্দ কৰে । এই অবৈধ সুৰা ব্যৱসায় প্ৰায় এবছৰ ধৰি চলি অহা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :পাচলি বজাৰত জুই : মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ যোগান বিভাগ

ABOUT THE AUTHOR

...view details