মৰিগাঁও, 27 জুলাইঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীত বৃহৎ পৰিমাণৰ কফ চিৰাপ আৰু অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নেতৃত্বত সোমবাৰে মৈৰাবাৰী আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় । উক্ত অভিযানত মৈৰাবাৰী এফ আৰ ইউৰ সন্মুখত দীৰ্ঘ দিনে অবৈধভাৱে কফ চিৰাপৰ ৰমৰমীয়া বেহা চলাই থকা ফিৰুজ আহমেদৰ ঘৰত তালাচী চলাই ৬৪ টা কফ চিৰাপ জব্দ কৰে । ইফালে আৰক্ষীৰ তালাচীৰ কথা উমান পাই ফিৰুজ আহমেদে পলায়ন কৰে বুলি জানিবলৈ পোৱা গৈছে ।
মৰিগাঁৱত বিলাতী সুৰাসহ আটক এজন - মৰিগাঁও জিলা
মৰিগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই এজন লোকক আটক কৰাৰ লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা ৷

মৰিগাঁৱত বিলাতী সুৰাসহ আটক এজন
মৰিগাঁৱত বিলাতী সুৰাসহ আটক এজন
ইফালে মৈৰাবাৰী মাজ মজিয়াত মুকলিকৈ বিলাতী সুৰাৰ দোকান দিয়া পুছপতীয়া চৌহান নামৰ মহিলাগৰাকীৰ ঘৰত তালাচী চলাই বুজন পৰিমাণৰ বিলাতী সুৰা সহ পুছপতিয়াৰ পুত্ৰ অজয় ছাহানীক আটক কৰে আৰক্ষীয়ে।
লগতে পঢ়ক- কাৰ্বি আংলঙ হত্যাকাণ্ডঃ 5 গৰাকীক আটক