চিৰাং, 8 জুন :বিটিচিত ৰাজ্যপালৰ শাসনৰ সময়তে চিৰাঙত বৃদ্ধি পাইছে চোৰাং কাঠৰ সৰবৰাহ । প্ৰতি নিশাই জিলাখনৰ পৰা ট্ৰাকে ট্ৰাকে চোৰাং কাঠ সৰবৰাহ হোৱাৰ তথ্য পোহৰলৈ আহিছে । বন বিভাগৰ তৎপৰতাত দুজনক আটক কৰাৰ লগতে জব্দ বুজন পৰিমানৰ চোৰাং কাঠ ।
বিটিচিত ৰাজ্যপালৰ শাসন বলৱৎ হোৱাৰ পিছত বনবিভাগৰ তৎপৰতাত জিলাখনত চলি থকা চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলায় বিভাগে ৷ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতাৰ ওদালগুৰিত ৰাতিপুৱা প্ৰায় ৫ মান বজাত চোৰাং কাঠ সৰবৰাহ কৰা এখন ভূটানত পঞ্জীয়নযুক্ত BP-১A-০৫৩৩ নম্বৰৰ গাড়ীখন বনবিভাগে খেদি খেদি জব্দ কৰি গাড়ীখনৰ সহকাৰী চালক বৰপেটাৰ দিপক সৰকাৰক(৩৯) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আনহাতে যোৱা নিশা জিলাখনৰ চিদলী থানাৰ অন্তৰ্গত বামুণগাওঁত এখন পালচাৰ বাইকৰ পিচত ট্ৰলি লগাই চোৰাং কাঠ কঢ়িৱাৰ সময়তে বন বিভাগে AS-১৬D-৪৭৪৩ নম্বৰৰ পালচাৰ, পালচাৰ চালক আৰু পালচাৰত থকা চোৰাং কাঠসমূহ বনবিভাগে জব্দ কৰাৰ লগতে পালচাৰৰ গৰাকী নেপাল চন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰে ৷ আজি দুয়োকে আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে বিভাগে ।