ধুবুৰী, 4 জানুৱাৰী :বিলাসীপাৰাত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ অতি ভিতৰুৱা অঞ্চলবোৰত অবৈধ কাঠফলা কল স্থাপন কৰি চোৰাং কাঠ ফালি চলাই আহিছে ৰমৰমীয়া ব্যৱসায় ৷ চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে সোমবাৰে বিয়লি বন বিভাগৰ অভিযান ৷
বিলাসীপাৰাত বন বিভাগৰ অভিযানত কাঠফলা মেচিন জব্দ - ধুবুৰী জিলা
বিলাসীপাৰাত বন বিভাগৰ অভিযান ৷ জব্দ কৰে অবৈধ কাঠফলা মেচিন ৷ বন বিভাগৰ উপস্থিতিৰ বুজ লৈ পলায়ন কৰে চোৰাং ব্যৱসায়ী সকল ৷

বিলাসীপাৰাত বন বিভাগৰ অভিযানত কাঠফলা মেচিন জব্দ
আঞ্চলিক বন বিষয়াৰ মন্তব্য
ধুবুৰী জিলা বন প্ৰাধিকাৰী (DFO) পল্লৱ বিজয় ত্ৰিমবাৰ্গ,শালকোচা আঞ্চলিক বন বিষয়া হৰিশ চন্দ্ৰ নাথৰ নেতৃত্বত চলোৱা অভিযানত ডুবাচুৰি গাঁৱত জব্দ অবৈধ কাঠ ফলা কল ৷ অৱশ্যে,অভিযানকাৰী দলটোৰ উপস্থিতিৰ উমান পাই পলাই যাবলৈ সক্ষম হয় চোৰাং কাঠ ব্যৱসায়ীসকল ৷