অসম

assam

By

Published : Aug 30, 2020, 3:36 PM IST

ETV Bharat / jagte-raho

ট্ৰাক ভৰ্তি চোৰাং চাউল সহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

চিৰাঙত বিশেষ সুত্ৰে পোৱা খৱৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা এটা অভিযানত বৰপেটা জিলাৰ হাউলি অভিমুখে গৈ থকা অৱস্থাত চোৰাং চাউল ভৰ্তি ট্ৰাক সহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ধৃত লোক কেইজনক ইতিমধ্যে আদালতত হাজিৰ কৰিছে আৰক্ষীয়ে।

Illegal rice truck seized By Police At Chirang
চিৰাঙত আৰক্ষীৰ জালত ট্ৰাক ভৰ্তি চোৰাং চাউল সহ দুজন সৰবৰাহকাৰী

চিৰাং, 30 আগষ্টঃ চিৰাঙত চোৰাং চাউল ভৰ্তি ট্ৰাক সহ দুজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ধৃত লোক কেইজন হ'ল ট্ৰাকখনৰ মালিক তথা চালক মদন শৰ্মা(৩৬) আৰু আন জন সহকাৰী চালক মেহেৰ উদ্দিন সেখ(১৮) বুলি জানিব পৰা গৈছে ৷

চিৰাঙত আৰক্ষীৰ জালত ট্ৰাক ভৰ্তি চোৰাং চাউল সহ দুজন সৰবৰাহকাৰী

উল্লেখ্য যে, যোৱা নিশা গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা এটা অভিযানত গোসাইগাঁৱৰ পৰা বৰপেটা জিলাৰ হাউলি অভিমুখে গৈ থকা অৱস্থাত চোৰাং চাউল ভৰ্তি ট্ৰাক সহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জব্দ কৰা ট্ৰাক খনৰ নম্বৰ হ'ল ডব্লিউবি-৫৯চি- ০২৫৮ ৷ আৰক্ষীয়ে উক্ত ট্ৰাক খনৰ পৰা মুঠ ৭০০ বস্তা চাউল (৩৫০ কুইন্টল) জব্দ কৰে ৷ ধৃত লোক কেই জনৰ ঘৰ পশ্চিম বংগৰ দিনাজপুৰৰ টুনিদীঘাটত বুলি জানিব পৰা গৈছে । জব্দকৃত চাউল খিনি ৰাজহুৱা বিতৰণ ব‍্যৱস্থাৰ চাউলৰ বস্তা সলনি কৰি চোৰাং ভাৱে বিক্ৰী কৰিবলৈ অনা বুলি সন্দেহ কৰিছে আৰক্ষী।

লগতে পঢ়ক- জালুকবাৰী আৰক্ষীৰ জালত গভাইত চোৰৰ দল

ABOUT THE AUTHOR

...view details