অসম

assam

ETV Bharat / jagte-raho

তিনিচুকীয়াত চোৰাং তেলৰ ঘাটি উৎখাত - চোৰাং কনডেঞ্চ

আৰক্ষীয়ে লাভ কৰা গোপন তথ্যৰ ভিত্তিত অভিযান চলাই জব্দ কৰে কেইবাটাও চোৰাং কনডেঞ্চ ৷ আটক কৰিবলৈ সক্ষম হোৱা নাই চোৰাং ব্যৱসায়ত জড়িত অভিযুক্তক ৷

তিনিচুকীয়াত চোৰাং তেলৰ ঘাটি উৎখাট
তিনিচুকীয়াত চোৰাং তেলৰ ঘাটি উৎখাট

By

Published : Jul 27, 2020, 5:29 AM IST

তিনিচুকীয়া, 27 জুলাইঃ তিনিচুকীয়াৰ মাকুমৰ লোহাৰী বঙালী আৰক্ষীয়ে দেওবাৰে গাঁৱত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কনডেঞ্চ ৷ এটা পৰিত্যক্ত ইটাৰ ভাটাৰ পৰা উদ্ধাৰ কৰা হয় ২০০০ লিটাৰ চোৰাং কনডেঞ্চ ৷ আৰক্ষীয়ে লাভ কৰা এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই কনডেঞ্চ সমূহ জব্দ কৰে ৷

তিনিচুকীয়াত চোৰাং তেলৰ ঘাটি উৎখাট

এক দুষ্ট চক্ৰই দীৰ্ঘদিন ধৰি উক্ত স্থানত চোৰাং তেল মজুত ৰাখি চোৰাং তেলৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ অভিযোগ স্থানীয় লোকৰ । ইফালে আৰক্ষী আৰু অইল নিৰাপত্তাৰক্ষীয়ে বৃহৎ পৰিমাণৰ তেল জব্দ কৰিবলৈ সক্ষম হৈছে যদিও এই মূহুৰ্তলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই চোৰাং ব্যৱসায়ত জড়িত অভিযুক্তক ৷

উল্লেখ্যে যে, এই ইটাভাটাটো প্ৰায় 4 বছৰ মান পূৰ্বৰ পৰাই বন্ধ হৈ আছে বুলি জানিব পৰা গৈছে ৷ সেই মাটি খিনিৰ চক্ৰৱৰ্তী উপাধিৰ লোকজনে কোনো আগৰৱাল উপাধিৰ লোকক বিক্ৰী কৰা বুলি প্ৰকাশ কৰে স্থানীয় লোকে ৷ ইপিনে মাটিখিনিৰ 4-5 জন লোকে মিলি ক্ৰয় কৰা স্থানীয় লোকে পত্যক্ষ কৰিছে ৷

লগতে পঢ়কঃসাহাৰ্যৰ পৰা বঞ্চিত বন্যাৰ্তৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details