নিউজ ডেস্ক, 1 জুলাই :ৰাজ্য়ত শেহতীয়াকৈ বৃদ্ধি পাইছে পহু চিকাৰৰ ঘটনা ৷ বিশেষকৈ বিশ্বনাথ জিলাত বিগত কিছুদিনত অধিক পৰিমানে পহু চিকাৰৰ ঘটনা পোহৰলৈ আহিছে ৷
বিশ্বনাথ চাৰিআলি বন সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাই লাভ কৰা এক গোপন তথ্যৰ ভিত্তিত পুনৰ পহু মাংসৰ সৈতে গ্ৰেপ্তাৰ হয় দুগৰাকী লোক ৷ বিহালী আৰক্ষী চকীৰ উপ-পৰিদৰ্শক ৰাজু দুৱৰা আৰু ফৰেষ্টাৰ ৰাজু গগৈৰ নেতৃত্বত যুটীয়া অভিযানকাৰী দলটোৱে বিশ্বজিৎ বৰুৱা ওৰফে টকৌ আৰু অকামন ল'ৰা বৰুৱা ওৰফে হলিৰাম ওৰফে শনি নামৰ ব্যক্তিদুগৰাকীক আটক কৰে ৷
দুয়োগৰাকী ব্যক্তিৰ পৰা অভিযানকাৰী দলটোৱে ভাৰতীয় সুগৰী পহুৰ ৰন্ধা মাংসৰ লগতে তিনিখন ছাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে দুয়োগৰাকীৰ বিৰুদ্ধে বন্যপ্ৰানী সুৰক্ষা আইন আৰু বন্য়প্ৰাণী সুৰক্ষা (অসম সংশোধনী) আইন, 2009ৰ 9, 39(3), 40 আৰু 51 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷ ইতিমধ্য আটকাধীন দুয়োগৰাকী ব্যক্তিয়ে বিশ্বনাথ চাৰিআলিৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত ন্যায়িক জিম্মাৰ বাবে উত্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে 27 জুনত বিহালীৰ কাছমাৰীত পহু মাংসসহ সুনীল ওৰাং,যোগেশ তাছা,বিকেশ্বৰ বাউৰী, ফাগু বিৰজা,নিৰ্মল খেৰোৱাৰ নামৰ চোৰাং চিকাৰী কেইটাক আটক কৰা হৈছিল বিহালী আৰক্ষী আৰু বন বিভাগৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল অপৰাধ শাখাই ৷