ডিফু,22 মেঃ পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ অবৈধ পাণ- মচলা আৰু গুটখা ৷ ডিফু নগৰ আৰক্ষী আৰু চি আৰপি এফৰ যৌথ অভিযানত জব্দ হয় গুটখা খিনি ৷
ডিফুত প্ৰায় ৬ লাখ টকাৰ অবৈধ গুটখা জব্দ আৰক্ষীৰ - ডিফু নগৰ আৰক্ষী
ডিফুত বহু লাখ টকাৰ অবৈধ পাণ মচলা আৰু গুটখা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ইতিমধ্যে ডিফু আৰক্ষীৰ থানাত 188/270/271 ত গোছৰ এটা গোচৰ ৰুজু হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ৷
![ডিফুত প্ৰায় ৬ লাখ টকাৰ অবৈধ গুটখা জব্দ আৰক্ষীৰ ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7306508-thumbnail-3x2-d.jpg)
লক ডাউন চলি থকাৰ সময়তেই এক গোপন সূত্ৰৰ পম খেদি কাৰ্বি আংলং জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত ডিফু নগৰ আৰক্ষী আৰু চি আৰপি এফৰ যৌথ অভিযানত জব্দ হয় গুটখা খিনি ৷ ডিফু শীতলাবাড়ী এলেকাত গুদামত ৰখা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় গুটখা খিনি ৷ জব্দ হোৱা গুটখা খিনিৰ মুল্য প্ৰায় ৬ লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ডিফু আৰক্ষীৰ থানাত 188/270/271 ত এটা গোচৰ ৰুজু হৈছে ৷ লক ডাউনৰ নিয়ম উলংঘন কৰা ডিফু চহৰৰ ব্যৱসায়ী দুজনৰ নাম ক্ৰমে দিলীপ ছাহা আৰু সুশীল পাল ৷ লক ডাউনৰ সময়তে দিলীপ ছাহা আৰু সুশীল পালে গুটখা আৰু পানমছলা জাতীয় সামগ্ৰী বিক্ৰি কৰি বহু হাজাৰ- হাজাৰ টকা উপাৰ্জন কৰি আনিছিল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷
লগতে পঢ়ক- কৰ'ণাৰ আতংকৰ মাজতে লখিমপুৰত বানৰ তাণ্ডৱ