গুৱাহাটী, 1 নৱেম্বৰ :শনিবাৰে নিশা মহানগৰীৰ জালুকবাৰীত আৰক্ষীয়ে এক অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী । গোপন সূত্ৰৰ পম খেদি এখন নৈশ বাছত সহকাৰী আৰক্ষী আয়ুক্ত জয়ন্ত বৰুৱাৰ নেতৃত্বত জালুকবাৰী আৰক্ষীয়ে চলোৱা অভিযানত জব্দ হয় নিচাজাতীয় সামগ্ৰীখিনি ।
ধূপগুৰি অভিমুখে গৈ থকা AS 01 DD 5989 পঞ্জীয়নযুক্ত পংকজ নামৰ নৈশ বাছখনৰ পৰা জব্দ হয় কাৰ্টুনে কাৰ্টুনে কফ চিৰাপৰ বটল আৰু নিচাযুক্ত টেবলেট । বাছখনৰ পৰা প্ৰায় 1,300 বটল কফ চিৰাপ জব্দ কৰে জালুকবাৰী আৰক্ষীয়ে । বৰ্তমান বাছখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে জালুকাবাৰী আৰক্ষীয়ে ।