অসম

assam

By

Published : Aug 19, 2020, 2:02 AM IST

ETV Bharat / jagte-raho

মৰিগাঁৱত অব্যাহত আছে নিষিদ্ধ গাঞ্জাৰ ৰমৰমীয়া বেহা

মৰিগাঁৱত অব্যাহত আছে নিষিদ্ধ গাঞ্জাৰ ৰমৰমীয়া বেহা । মঙলবাৰে মৰিগাঁও আৰক্ষীৰ অভিযান ঝাৰগাঁৱৰ হাৰিয়াপাৰৰ পৰা 25 কিলোগ্ৰাম গাঞ্জাসহ আটক তিনিজন লোক ।

মৰিগাঁৱত অব্যাহত আছে নিষিদ্ধ গাঞ্জাৰ ৰমৰমীয়া বেহা
মৰিগাঁৱত অব্যাহত আছে নিষিদ্ধ গাঞ্জাৰ ৰমৰমীয়া বেহা

মৰিগাঁও, 18 আগষ্ট :মৰিগাঁৱত আৰক্ষীৰ অভিযানত জব্দ হয় বুজন পৰিমাণৰ নিষিদ্ধ গাঞ্জা । ঘটনাৰ বিৱৰণী মতে, মঙলবাৰে মৰিগাঁও জিলা জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত ঝাৰগাঁও হাৰিয়াপাৰত আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাৰ নেতৃত্বত চলোৱা অভিযান উদ্ধাৰ হয় 25 কিলোগ্ৰাম গাঞ্জা । নিষিদ্ধ গাঞ্জা ব্যৱসায়ৰ সৈতে জড়িত লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত কালাই চৰৰ জালালুদ্দিন (50) পিতা- আব্দুল ৰহিম, মায়ং আৰক্ষী থানাৰ অন্তৰ্গত বালোঘাটৰ চিলাজ আলীৰ পুত্ৰ চায়েদ আলী (28) আৰু দৰং জিলাৰ ছিনপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বুডলি-বৰালি গাঁৱৰ মুকতাৰ আলী পুত্ৰ নুৰজামাল নামৰ তিনিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

মৰিগাঁৱত অব্যাহত আছে নিষিদ্ধ গাঞ্জাৰ ৰমৰমীয়া বেহা

এই সন্দৰ্ভত ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে NDPS act অধীনত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়কঃইফটিকাৰ আহমেদ হত্যাকাণ্ডৰ ঘটনাঃ দুজনক আটক আৰক্ষীৰ

ABOUT THE AUTHOR

...view details