অসম

assam

ETV Bharat / jagte-raho

চিৰাঙত 50 লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ - আৰক্ষীৰ অভিযানত চোৰাং কাঠ জব্দ

চিৰাঙত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়৷ ৰুণিখাতাৰ বনাঞ্চলিক বিষয়া জড়িত থকাৰ সন্দেহ৷

50 লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

By

Published : Aug 23, 2019, 3:18 PM IST

চিৰাং,23আগষ্টঃ চিৰাং জিলাৰ ৰুণিখাতা থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ সুলেখাগুৰিত বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ হয় । গোপন তথ্যৰ ভিত্তিত জিলা সদৰ উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ তত্বাৱধানত আৰু ৰুণিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থমৰাজ ব্ৰহ্ম, ৰুনিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামচৰন ৰাভাই অভিযান চলাই মূল্যবান চোৰাং কাঠ সমুহ জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে প্ৰকাশ কৰা মতে চোৰাং কাঠখিনিৰ মূল্য ৫০ লক্ষাধিক টকা৷ জব্দকৰা চোৰাং কাঠ সমুহ চিৰাং বন সংমণ্ডলৰ অধীনৰ ৰুণিখাতা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত চমজাই দিয়াৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে চোৰাং কাঠ বেপাৰীৰ সৈতে মিলি চলাই আহিছে এনে ধৰণৰ চোৰাং কাঠৰ ব্যৱসায়৷ ৰুণিখাতাৰ বনাঞ্চলিক বিষয়া বসন্ত ৰায়ৰ গতিবিধি সন্দেহজনক বুলি দাবী কৰে স্থানীয় ৰাইজে৷

50 লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

ABOUT THE AUTHOR

...view details