অসম

assam

ETV Bharat / jagte-raho

লামডিঙত ট্ৰেভেল এজেঞ্চিৰ বিৰুদ্ধে ৰে'ল আৰক্ষীৰ অভিযান

ভুৱা ৰে'লৰ টিকট বিক্ৰী কৰা সন্দৰ্ভত লংকাত ৰে'ল আৰক্ষীৰ অভিযান ৷ অভিযান কালত গ্ৰেপ্তাৰ কৰে এজেঞ্চিৰ স্বতাধিকাৰী হাফিজুল হক ওৰফে টাহিৰক ৷ অভিযানকালত এটা লেপটপ, চিপিঅ', দুটা ম'বাইল ফোন আৰু বহু পৰিমাণৰ ৰে'ল টিকট জব্দ কৰে ৰে'ল আৰক্ষীয়ে ৷

লামডিঙত ট্ৰেভেল এজেঞ্চিৰ বিৰুদ্ধে ৰে'লআৰক্ষীৰ অভিযান

By

Published : Apr 27, 2019, 10:49 AM IST

হোজাই,27এপ্ৰিল: শুকুৰবাৰে নিশা লংকাত ৰে'ল আৰক্ষীৰ অভিযান ৷ ভুৱা ৰে'লৰ টিকট বিক্ৰী কৰা সন্দৰ্ভত টি.এইচ ট্ৰেভেল এজেঞ্চিটোৰ বিৰুদ্ধে ৰে'ল আৰক্ষীৰ চাৰিজনীয়া এটা দলে অভিযান চলাই এজেঞ্চিৰ স্বতাধিকাৰী হাফিজুল হক ওৰফে টাহিৰক আটক কৰে ৷ অভিযানকালত আৰক্ষীয়ে এটা লেপটপ, এটা কম্পিউটাৰ চিপিঅ', দুটা ম’বাইল ফোন আৰু বহু পৰিমাণৰ ৰে’ল টিকটৰ ফ্ৰম সহ ৰে’লৰ টিকট জব্দ কৰে ৷ গুৱাহাটীৰ পৰা চেন্নাইলৈ কৰ্মসূত্ৰে যাবলৈ অহা লংকাৰ তিনি যুৱকৰ অভিযোগৰ ভিত্তিতে এই অভিযান চলাই ৰে'ল আৰক্ষীয়ে ৷ উল্লেখ্য যে, লংকাৰ তিনি যুৱকে গুৱাহাটীৰ ৰে'ল ষ্টেচনৰ টিকট কাউণ্টাৰত এজেন্সিটোৰ পৰা ক্ৰয় কৰা টিকট দেখুৱাওতেই এই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

ABOUT THE AUTHOR

...view details