অসম

assam

ETV Bharat / jagte-raho

নগাঁও আৰক্ষীৰ অভিযানত জব্দ হাইজেক কৰা ট্ৰাক - ভাৰতীয় দণ্ডবিধি আইন

নগাঁও আৰক্ষীৰ তৎপৰতাত হাইজেক কৰা মালবাহী ট্ৰাক জব্দ ৷ লগতে ঘটনাৰ লগত জড়িত চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

Hijacked truck seized in Nagaon police operation
নগাঁও আৰক্ষীৰ অভিযানত হাইজেক কৰা ট্ৰাক জব্দ

By

Published : Dec 13, 2020, 9:03 PM IST

নগাঁও, 13 ডিচেম্বৰ :দেওবাৰে নগাঁও আৰক্ষীৰ তৎপৰতাত জব্দ কৰা হৈছে হাইজেক কৰা এখন মালবাহী ট্ৰাক । নগাঁও জিলাৰ ঠেকেৰাগুড়িৰ পৰা মালবাহী এখন ট্ৰাক হাইজেক হোৱাৰ তথ্য লাভ কৰি নগাঁও আৰক্ষীয়ে অভিযান চলাই ট্ৰাকখন জব্দ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত চাৰিজনকৈ লোকক আটক কৰে ।

নগাঁও আৰক্ষীৰ অভিযানত জব্দ হাইজেক কৰা ট্ৰাক

নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ নেতৃত্বত শুকুৰবাৰে নিশা আৰক্ষীৰ এটা দলে হাইজেক হোৱা ট্ৰাকখন বিচাৰি নগাঁও চহৰৰ বিভিন্ন স্থানত অভিযান আৰম্ভ কৰে । এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত নগাঁও জিলাৰ ৰাঙলুৰ পৰা চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয় । লগতে, আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় হাইজেক হোৱা ট্ৰাকখনো ।

লগতে পঢ়ক :BTR আৰু TAC নিৰ্বাচন শাসকীয় দল বিজেপিৰ বাবে টেষ্ট পৰীক্ষাহে: ৰণজিত কুমাৰ দাস

তদুপৰি, আৰক্ষীয়ে ডকাইতি কাণ্ডত ব্যৱহাৰ হোৱা এখন চাৰিচকীয়া বাহনৰ লগতে এখন তৰোৱালো জব্দ কৰে । ধৃত লোক কেইজন হ'ল ৰাঙলুৰ গোলাম মহম্মদ, ইমৰাণ হুছেইন, মইনুল হক আৰু নগাঁও চহৰৰ বেঙেনাআতিৰ ছাইফুল ইছলাম ।

ঘটনাৰ লগত জড়িত আটকাধীন লোক

ইতিমধ্যে, আৰক্ষীয়ে লোক কেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 306/2020, 120(B)/346/366/397 ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখযোগ্য যে, হাইজেক হোৱা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক হাত ভৰি বান্ধি থোৱা অৱস্থাত আৰক্ষীয়ে নিশা ডবকাৰ পৰা উদ্ধাৰ কৰে ।

লগতে পঢ়ক :ইনষ্টাগ্ৰামত পুত্ৰৰ সৈতে ছবি শ্বেয়াৰ হাৰ্দিক পাণ্ডিয়াৰ

ABOUT THE AUTHOR

...view details