গুৱাহাটী, 8 অক্টোবৰ: ৰাজ্যত দুৰ্গাপূজাৰ আনন্দ-উল্লাস মাৰ নাযাওতেই মহানগৰীৰ পাণ্ডুত মঙলবাৰে সংঘটিত হ'ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ মঙলবাৰে পুৱা পাণ্ডুৰ চাৰি নং কলনিত ৰাইজে এটা বাহৰ দ'মৰ মাজত ৰহস্যজনক ভাৱে মৃত অৱস্থাত উদ্ধাৰ কৰে এজন যুৱকৰ মৃতদেহ ৷ ইয়াৰ পাছতে অঞ্চলটোত হুৱা-দুৱা লাগে আৰু পাছলৈ মৃতদেহটো পাণ্ডুৰে শুংভকৰ পাল নামৰ এজন যুৱকৰ বুলি চিনাক্ত কৰা হয় ৷ অত্যাধিক নিচাযুক্ত দ্ৰব্য সেৱনৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে যদিও ইয়াক এক পৰিকল্পিত হত্যকাণ্ড বুলি অভিহিত কৰিছে মৃত যুৱকজনৰ পৰিয়ালে ৷ যুৱকজনক অত্যাধিক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই তেওঁৰ নতুন বাইক আৰু মোবাইল লৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ মাতৃয়ে ৷
মালিগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড - উদ্ধাৰ হ'ল যুৱকৰ মৃতদেহ
বাঁহৰ দ'মৰ মাজত উদ্ধাৰ হ'ল যুৱকৰ মৃতদেহ ৷
ইফালে বিগত কেইটামান মাহৰ পৰা পাণ্ডু অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে নিচাসক্ত যুৱকৰ উদ্ভণ্ডালি ৷ এই বিষয়ে স্থানীয়ে ৰাইজে বহুবাৰ জালুকবাৰী আৰক্ষীক জনাই আহিছে যদিও জালুকবাৰী আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷ আনহাতে মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীৰ তদন্তৰ পাছত হে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ।